
নলবাৰী, ২৩ জুলাই (হি.স.): নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত নাও চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে নলবাৰী প্ৰশাসনে । সেই অনুসৰি নিশাৰ ভাগত নাও চলাচলত বাধা আৰোপ কৰিছে প্ৰশাসনে।
ব্ৰহ্মপুত্ৰ নদীৰ ক্ৰমশঃ উৰ্ধগামী পানীৰ স্তৰ আৰু ভাৰতৰ বতৰ বিজ্ঞানে দিয়া ধাৰাষাৰ বৰষুণৰ আগজাননীৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকালমুৱা-কাপলাবড়ি-ভাংনামাৰী ফেৰীঘাট, আদাবাৰী-শিয়ালমাৰী-কুৰিহামাৰী ফেৰীঘাট আৰু লাৰকুছি-মাজৰচৰ-কালাৰচৰ ফেৰীঘাটৰ পৰা নাও চলাচলত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ নিবেদন দাস পাটোৱাৰীয়ে । উক্ত নিৰ্দেশনা অনুসৰি জিলাখনৰ জলপথত চলিবলগা নাও, ফেৰী আদিৰ উপযোগিতা আভ্যন্তৰীণ জল পৰিবহন বিভাগে পৰিদৰ্শন কৰিব লাগিব। অনুপযুক্ত নাও,ফেৰী আদি চলাবলৈ তেওঁলোকে অনুমতি দিব নোৱাৰিব। নাওৰ মালিক আৰু চালকসকলে নাওখনত বহন কৰিব পৰা ওজনতকৈ অধিক যাত্ৰী বা সামগ্ৰী কঢ়িয়াই নিব নোৱাৰিব বুলি নিৰ্দেশ দিছে ।
আভ্যন্তৰীণ জল পৰিবহন কৰ্তৃপক্ষ আৰু নাওৰ মালিকসকলে নাওখনত কঢ়িয়াই নিয়া লোকৰ উপযুক্ত ৰেকৰ্ড ৰাখিব লাগিবৰ বাবে নিৰ্দেশ জিলা প্ৰশাসনৰ।নাওৰ মালিক আৰু আভ্যন্তৰীণ জল পৰিবহন কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব যাতে পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট আৰু লাইফবয় নাওখনত মজুত থাকে । প্ৰতিজন যাত্ৰীৰ বাবে একোটাকৈ লাইফ জেকেট আৰু প্ৰতি চাৰিজন যাত্ৰীৰ বাবে একোখনকৈ লাইফবয় মজুত ৰখাটো নিশ্চিত কৰিবলৈও কোৱা হৈছে । নাও আৰু ফেৰীত যাত্ৰা কৰা প্ৰতিগৰাকী যাত্ৰীয়ে লাইফ জেকেট পিন্ধাটেৱেই বাধ্যতামূলক কৰা হৈছে ।
প্ৰতিকূল বতৰ, ধুমুহা বা নদীৰ পানীৰ স্তৰ অতিমাত্ৰা বাঢ়িলে আভ্যন্তৰীণ জল পৰিবহন কৰ্তৃপক্ষ আৰু বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়াক নাও বা ফেৰীৰ চলাচল বন্ধ ৰাখিবলৈও কোৱা হৈছে । একেদৰে নিশাৰ ভাগত নাও চলাচলত বাধা আৰোপ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ