
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। কাগজ ফাদিলৰ সৈতে জড়িত লোকসকলক কঠোৰ শাস্তি নিশ্চিত কৰাৰ বাবে ফাষ্ট ট্ৰেক আদালত স্থাপনৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পোষ্টৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী দলসমূহে।
সংসদ কমপ্লেক্সৰ বাহিৰত সংবাদ মাধ্যমৰ আগত তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষে কয়, প্ৰথমে পদত্যাগ, তাৰ পিছত আলোচনা। আমি সদনত নীট সন্দৰ্ভত চৰ্চাৰ দাবী জনাইছো, কিন্তু আলোচনাৰ পূৰ্বে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিব। যদি তেওঁ পদত্যাগ নকৰে তেন্তে আমি আলোচনা নকৰো। ধৰ্মেন্দ্ৰ প্ৰধানে কিয় পদত্যাগ নকৰে? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন।
ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী (চিপিআই-এম)ৰ সাংসদ জন ব্ৰিটাছে কয় যে, এই প্ৰতিবাদ কেৱল সংসদতে সীমাবদ্ধ নাথাকিব। আমি ৰাজপথলৈ ওলাই আহিম। আমি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অটল থকাৰ সিদ্ধান্ত লৈছো। আমি অলপো পিছুৱাই নাযাওঁ। তেওঁ পদত্যাগ কৰিব লাগিব।
সমাজবাদী পাৰ্টীৰ সাংসদ ৰাম গোপাল যাদৱে কয় যে তেওঁৰ (ধৰ্মেন্দ্ৰ প্ৰধানৰ) কাৰ্যকালত কিমানখন প্ৰশ্নকাকত ফাদিল হৈছিল সেই সম্পৰ্কে এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। কিমানজনৰ বিৰুদ্ধে গোচৰ চলিছিল, কিমানজনক দোষী সাব্যস্ত কৰা হৈছিল, কিমানজন জেললৈ গৈছিল, কিমানজনক শাস্তি দিয়া হৈছিল, এতিয়ালৈকে একো হোৱা নাই।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিৰোধী দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় জনতা পাৰ্টিয়েও প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ সাংসদ অৰুণ সিঙে সাংসদ জন ব্রিটাছৰ পৰা শিক্ষামন্ত্রীৰ পদত্যাগৰ দাবী লিখা থকা এখন বেনাৰ কাঢ়ি লৈ যায় ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া