
নলবাৰী, ২৩ জুলাই (হি.স.): বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশমৰ্মে সক্ৰিয় হৈ পৰিছে বন বিভাগ । আজি বন বিভাগৰ বিশেষ অভিযানত জব্দ ৭টাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰা হয় । নলবাৰীৰ বৰভাগৰ দোকোহাত বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই অবৈধ ৭ টা কৈ কাঠৰ মিল জব্দ কৰে।
জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে অবৈধভাৱে চলা কামৎ বিৰুদ্ধে সকিয়নী প্ৰদানৰ পিছত অধিক কথোৰ হোৱা দেখা গৈছে বিভাগটো । ইতিমধ্যে নলবাৰীত অব্যাহত আছে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে পুনৰ বন বিভাগৰ অভিযান । বৰভাগৰ দোকোহাত আজি একেদিনাই ৭টা অবৈধ মিল জব্দ কৰে বন বিভাগে । দীৰ্ঘদিনৰ পৰা একাংশ ব্যৱসায়ীয়ে অবৈধ কাঠ ফলা মিল পাতি চলাই নিছিল অবৈধ কাঠৰ বেহা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ