পাঠশালা ৰে’ল ষ্টেচনত মালবাহী ৰে’লৰ খুন্দাত এজনৰ মৃত্যু
পাঠশালা ৰেল ষ্টেচনত মালবাহী ৰেলৰ খুন্দাত এজনৰ মৃত্যু।
পাঠশালা ৰে’ল ষ্টেচনত মালবাহী ৰে’লৰ খুন্দাত এজনৰ মৃত্যু


বৰপেটা, ২৩ জুলাই (হি.স.): বৰপেটা জিলাৰ পাঠশালা ৰে’ল ষ্টেচনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ৰে’ল লাইন পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে মালবাহী ৰে’লৰ খুন্দাত এজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় । ঘটনাৰ পিছত আৰক্ষীৰ পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

পাঠশালা ৰে’ল ষ্টেচনত মালবাহী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে হীৰেণ শৰ্মা নামৰ এজন লোকে । নিহত হীৰেণ শৰ্মাৰ ঘৰ ষ্টেচনৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত অৱস্থিত । জানিব পৰা মতে, যোৱা কালি বুধবাৰে সন্ধিয়া তেওঁ ৰে’ল লাইন পাৰ হ'বলৈ চেষ্টা কৰি থকা সময়তে নামনিমুৱা এখন মালবাহী ৰে’লৰ খুন্দাত ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। ঘটনাৰ পিছতে স্থানীয় লোকে জিআৰপি আৰু বজালী আৰক্ষীক খবৰ দিয়ে। কিন্তু অভিযোগ অনুসৰি, প্ৰায় নিশা ৯ বজালৈকে ঘটনাস্থলীত জিআৰপি অথবা বজালী আৰক্ষী উপস্থিত নোহোৱাত মৃতদেহ ৰে’ল লাইনৰ কাষতে পৰি থাকে।

ইয়াৰ ফলত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় । স্থানীয় ৰাইজে পাঠশালা ৰে’ল ষ্টেচনত উৰণীয়া সেঁতু নিৰ্মাণৰ দাবী বহুদিন ধৰি উত্থাপন কৰি আহিছে । মন্ত্ৰী-বিধায়কৰ ওচৰতো এই দাবী একাধিকবাৰ উত্থাপন কৰা হৈছিল যদিও আজিলৈকে উৰণীয়া সেঁতু নিৰ্মাণ নহ'ল । ফলত প্ৰতিদিনে বহু লোকে জীৱনৰ বিপদক নেওচি ৰে’ল লাইন পাৰাপাৰ কৰিবলৈ বাধ্য হৈছে । এই শোকাৱহ ঘটনাই পুনৰবাৰ পাঠশালাত এখন উৰণীয়া সেঁতুৰ প্ৰয়োজনীয়তা সজোৰে উত্থাপন কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande