
কাঠমাণ্ডু, ২৩ জুলাই (হি.স.)। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ আমন্ত্ৰণত নেপালৰ মুখ্য ন্যায়াধীশ ড০ মনোজ কুমাৰ শৰ্মাই বৃহস্পতিবাৰে ভাৰত ভ্ৰমণৰ বাবে ৰাওনা হয়। অহা ২৭ জুলাইত নেপাললৈ উভতি আহিব ড০ শৰ্মাৰ নেতৃত্বত প্ৰতিনিধি দলটো।
নেপালৰ উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি এই ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে ভাৰতৰ উচ্চতম ন্যায়ালয়তো পৰিদৰ্শন কৰিব আৰু তাত থকা ন্যায়িক ব্যৱস্থা পৰ্যবেক্ষণ কৰিব। এই প্ৰতিনিধি দলটোত মুখ্য ন্যায়াধীশৰ পত্নী উমা শৰ্মা আৰু উচ্চতম ন্যায়ালয়ৰ সহযোগী পঞ্জীয়ক অমিত উপৰেতিও আছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ