নলবাৰীত বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানত অবৈধ ৭ টা কাঠৰ মিল জব্দ
নলবাৰী, ২৩ জুলাই (হি.স.)। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পিছতে কঠোৰ নলবাৰী বন বিভাগ। আজি বন বিভাগৰ বিশেষ অভিযানত জব্দ ৭ টাকৈ অবৈধ কাঠ ফলা মিল । নলবাৰীৰ বৰভাগৰ দোকোহাত বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই অবৈধ ৭ টা কৈ কাঠৰ মিল জব্দ
নলবাৰীত বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযানত অবৈধ ৭ টা কাঠৰ মিল জব্দ


নলবাৰী, ২৩ জুলাই (হি.স.)। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পিছতে কঠোৰ নলবাৰী বন বিভাগ। আজি বন বিভাগৰ বিশেষ অভিযানত জব্দ ৭ টাকৈ অবৈধ কাঠ ফলা মিল ।

নলবাৰীৰ বৰভাগৰ দোকোহাত বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া ভাৱে অভিযান চলাই অবৈধ ৭ টা কৈ কাঠৰ মিল জব্দ কৰে।

জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে অবৈধভাৱে চলা কামৰ বিৰুদ্ধে সকিয়নী প্ৰদানৰ পিছত অধিক কঠোৰ হোৱা দেখা গৈছে বিভাগটোক।

ইতিমধ্যে নলবাৰীত অব্যাহত আছে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । বৰভাগৰ দোকোহাত আজি একেদিনাই ৭টা অবৈধ মিল জব্দ কৰে বন বিভাগে ।

উল্লেখযোগ্য শেহতীয়াভাবে জিলা খনত প্ৰায় ১৫ টাকৈ কাঠৰ মিল জব্দ কৰিছে। দীৰ্ঘদিনৰ পৰা একাংশ ব্যৱসায়ীয়ে অবৈধ কাঠ ফলা মিল পাতি চলাই নিছিল অবৈধ কাঠৰ বেহা ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande