
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ সৈতে জড়িত কেৰেলা শ্ৰীনিবাসন হত্যাকাণ্ডৰ আন এজন পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।
ধৃত অভিযুক্তৰ নাম মহম্মদ আলী কে পি। তেওঁ পি এফ আইৰ পালাক্কাড জিলাৰ সভাপতি আছিল। বৃহস্পতিবাৰে ইয়াৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক কৰে এন আই এয়ে। যোৱা চাৰি বছৰ ধৰি আত্মগোপন কৰি থকা ছৌদি আৰৱৰ ৰিয়াদৰ পৰা ভাৰতলৈ উভতি আহিছিল। এই গ্ৰেপ্তাৰৰ লগে লগে এই গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা ৬৭ জন হৈছেগৈ ।
বৃহস্পতিবাৰে এন আই এয়ে কয় যে মহম্মদ আলী কে পিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছে। হত্যাৰ ষড়যন্ত্ৰৰ মূল ভূমিকা গ্ৰহণ কৰি ২০২২ চনৰ ১৬ এপ্ৰিলত শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ লগত জড়িত আক্ৰমণকাৰীক আশ্ৰয় প্ৰদান কৰিছিল ।
শ্ৰীনিবাসনক হত্যা কৰিছিল পি এফ আইৰ কেডাৰে। এন আই এৰ তদন্তত প্ৰকাশ পাইছে যে ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন স্থাপনৰ ষড়যন্ত্ৰৰ অংশ হিচাপে পি এফ আইয়ে সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা চলাইছিল।এই উদ্দেশ্যে সংগঠনটোৱে বিভিন্ন শাখা আৰু ইউনিট স্থাপন কৰিছিল। পি ই উইঙে শাৰীৰিক শিক্ষা আৰু যোগ প্ৰশিক্ষণৰ আৱৰণত অস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। ৰিপ’ৰ্টাৰ উইঙে সম্ভাৱ্য লক্ষ্যৰ তথ্য সংগ্ৰহ কৰাৰ বিপৰীতে চাৰ্ভিচ টিমে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰে।
২০২২ চনৰ ছেপ্টেম্বৰ মাহত এন আই এয়ে এই গোচৰ ৰুজু কৰিছিল।তদন্তত এই কথাও প্ৰকাশ পাইছে যে পি এফ আইয়ে নিজৰ কাৰ্যালয়, কেম্পাছ, আৰু সুবিধাসমূহ হিংসাত্মক উগ্ৰবাদ আৰু জেহাদক প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল। তদন্ত অব্যাহত আছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ