শ্ৰাৱণী মেলা উপলক্ষে কাটিহাৰ–মনিহাৰীৰ মাজত বিশেষ ৰে’ল সেৱা আৰম্ভ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ
গুৱাহাটী, ২৩ জুলাই (হি.স.)। আগন্তুক শ্ৰাৱণী মেলা উপলক্ষ্যে ৰে’লযাত্ৰীৰ অতিৰিক্ত যাত্ৰীৰ ভিৰ সুগম কৰাৰ অৰ্থে উত্তৰ- পূব সীমান্ত ৰেলৱে কাটিহাৰ মণ্ডলৰ অন্তৰ্গত কাটিহাৰ আৰু মনিহাৰীৰ মাজত বিশেষ ৰে’ল সেৱা চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ ৰে’লসমূহ শ
भारतीय ट्रेन


গুৱাহাটী, ২৩ জুলাই (হি.স.)। আগন্তুক শ্ৰাৱণী মেলা উপলক্ষ্যে ৰে’লযাত্ৰীৰ অতিৰিক্ত যাত্ৰীৰ ভিৰ সুগম কৰাৰ অৰ্থে উত্তৰ- পূব সীমান্ত ৰেলৱে কাটিহাৰ মণ্ডলৰ অন্তৰ্গত কাটিহাৰ আৰু মনিহাৰীৰ মাজত বিশেষ ৰে’ল সেৱা চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিশেষ ৰে’লসমূহ শ্ৰাৱণী মেলালৈ আগমন কৰা হাজাৰ হাজাৰ ভক্ত, তীৰ্থযাত্ৰী আৰু সাধাৰণ যাত্ৰীসকলক অধিক সুবিধাজনক, আৰামদায়ক আৰু সুৰক্ষিত ৰে’ল ভ্ৰমণ নিশ্চিত কৰাৰ পৰিকল্পনাৰে চলোৱা হব।

এন এফ আৰৰ চি পি আৰ অ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে ৰে’ল নং ০৭৫৪০/০৭৫৩৯ (কাটিহাৰ–মনিহাৰী–কাটিহাৰ) প্ৰথম যোৰ শ্ৰাৱনী মেলা বিশেষ ৰে’ল প্ৰত্যেক দিশত ২২ টা ট্ৰিপৰ বাবে চলাচল কৰিব। ৰে’ল নং ০৭৫৪০ (কাটিহাৰ–মনিহাৰী) ৰে’লখন ২৫ জুলাইৰ পৰা ২৩ আগষ্ট, ২০২৬ পৰ্যন্ত প্ৰতি মঙ্গলবাৰ, বুধবাৰ, শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে সন্ধিয়া ১৯:০০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি ১৯:৪৫ বজাত মনিহাৰীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৭৫৩৯ (মনিহাৰী-কাটিহাৰ) ৰে’লখন ২৬ জুলাইৰ পৰা ২৪ আগষ্ট, ২০২৬ পৰ্যন্ত প্ৰতি বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ, দেওবাৰ আৰু সোমবাৰে ০৩:৩০ বজাত মনিহাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰি ০৪:১৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। যাত্ৰাপথত এই ৰে’লখনৰ মানচাহী আৰু মহিয়াৰপুৰ ষ্টেচনত নিয়মীয়া ষ্টপেজৰ সুবিধা থাকিব।

ইয়াৰ উপৰিও, ৰে’ল নং ০৭৫৪২/০৭৫৪১ (কাটিহাৰ–মনিহাৰী–কাটিহাৰ) শ্ৰাৱণী মেলা বিশেষ ৰে’ল ৮ টা ট্ৰিপৰ বাবে চলাচল কৰিব। ৰে’ল নং ০৭৫৪২ (কাটিহাৰ–মনিহাৰী) ৰে’লখন ২৭ জুলাইৰ পৰা ২০ আগষ্ট, ২০২৬ লৈকে প্ৰতি সোমবাৰ আৰু বৃহস্পতিবাৰে ২০:৩০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি ২১:১৫ বজাত মনিহাৰীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰে'ল নং ০৭৫৪১ (মনিহাৰী-কাটিহাৰ) ৰে’লখন ২৮ জুলাইৰ পৰা ২১ আগষ্ট, ২০২৬ পৰ্যন্ত প্ৰতি মঙ্গলবাৰ আৰু শুকুৰবাৰে ০৫:১৫ বজাত মনিহাৰীৰ পৰা প্ৰস্থান কৰি ০৬:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ'ব। যাত্ৰাপথত এই ৰেলখনৰো মানচাহী আৰু মহিয়াৰপুৰ ষ্টেচনত ষ্টপেজৰ সুবিধা থাকিব।

এই বিশেষ ৰে’লসমূহ চলোৱাৰ মূল উদ্দেশ্য হৈছে শ্ৰাৱণী মেলাৰ সময়ছোৱাত উন্নত সংযোগ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে যাত্ৰীৰ অতিৰিক্ত ভিৰ হ্ৰাস কৰা। ঋতুভিত্তিক যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল চলাচল বৃদ্ধি কৰি তীৰ্থযাত্ৰী আৰু সাধাৰণ যাত্ৰীসকলৰ বাবে সুৰক্ষিত, সুবিধাজনক আৰু দক্ষ ভ্ৰমণ নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱে সদায় প্ৰতিশ্ৰুতিবদ্ধ।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande