
–ছাত্ৰ-ছাত্ৰীৰ সমস্যা সন্দর্ভত প্রধানমন্ত্রী মোডী সংবেদনশীল
গুৱাহাটী ২৩ জুলাই (হি.স.)। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাডিলক কেন্দ্ৰ কৰি হোৱা ছাত্ৰ-ছাত্ৰীৰ আন্দোলনৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজনৈতিক সুবিধা ল'ব বিচাৰিছে। দেশজুৰি বিধ্বস্ত কংগ্ৰেছ দলটোক পুনৰুজ্জীৱিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ আন্দোলনক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ উঠিপৰি লাগিছে লোকসভাৰ বিৰোধী দলপতি বাহুল গান্ধীয়ে। আজি এই মন্তব্য কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুবে।
আজি এক সংবাদমেল সম্বোধন কৰি অসমৰ শিক্ষা মন্ত্রীজনে কয় যে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাডিলক দৰে কাৰ্য এক দুর্ভাগ্যজনক তথা অতি সংবেদনশীল ঘটনা। এই ঘটনাক কেন্দ্ৰীয় চৰকাৰে অতি গুৰুত্বসহকাৰে বিবেচনা কৰাৰ লগতে ক্ষীপ্ৰতাৰে এই দুষ্কার্যত জড়িত সকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে। এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে চলাবলৈ আৰু দোষীয়ে যাতে কঠোৰৰ পৰা কঠোৰতম উচিত শাস্তি পাব পাৰে তাৰবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি ফাষ্টট্রেক আদালত গঠনৰ কথা ঘোষণা কৰি এইক্ষেত্ৰত সংশ্লিষ্ট পক্ষক যাৱতীয় ব্যৱস্থা গ্রহণৰ নিৰ্দেশ দিছে।
উক্ত পদক্ষেপে প্রমাণ কৰিছে ছাত্ৰ-ছাত্ৰীৰ বিষয় সন্দৰ্ভত প্রধানমন্ত্রী মোডী সংবেদনশীলতা আৰু চিন্তাৰ গম্ভীৰতা। প্রধানমন্ত্রী মোডীয়ে ছাত্ৰ-ছাত্ৰীৰ কল্যাণক সদায় আগস্থান দি অহাৰ লগতে সমস্যা বা বিষয়বোৰক প্ৰথম অগ্রাধিকাৰ হিচাপে বিবেচনা কৰি আহিছে বুলিও তেখেতে সংবাদমেলত মন্তব্য কৰে।
সংবাদমেলত কংগ্রেছ নেতা ৰাহুল গান্ধী সন্দৰ্ভত ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰি কয় যে এয়া ৰাজনীতি কৰাৰ সময় নহয়। এই সময় হৈছে ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধানৰ সময়। ছাত্ৰ-ছাত্ৰীৰ ইচ্ছ্যুক লৈ ৰাজনীতি কৰাটো উচিত নহয়। ভাৰতীয় জনতা পার্টি আৰু এনডিএ মিত্রদল সমূহে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাডিলক সম্পর্কে সংসদত আলোচনা কৰিবলৈ আগ্রহী।
তেও কয়, ছাত্র-ছাত্রী সকলেও তাকেই বিচাৰিছে। কিন্তু ৰাহুল গান্ধী আৰু কংগ্রেছে আলোচনাৰ পৰা পলায়ন কৰি বিষয়টোৰ ৰাজনীতিকৰণত লাগি গৈছে, যিটো অত্যন্ত দুর্ভাগ্যজনক। বিজেপি চৰকাৰে প্ৰশ্নকাকত ফাডিল কেন্দ্ৰ কৰি সৃষ্টি সমস্যাবোৰ সমাধান কৰিবলৈ সংসদত শাসক আৰু বিৰোধীৰ এক সৌহার্দ্যপূর্ণ আলোচনা বিচাৰে। কিন্তু কংগ্ৰেছকে ধৰি ইণ্ডি” এলায়েন্সৰ দলবোৰে বিষয়টোৰ ওপৰত আলোচনা কৰাৰ পৰিবৰ্তে সংসদক পণবন্দী কৰি চলিত অধিবেশনত অচলাৱস্থা অনাটোরে কি সূচাইছে বুলিও কংগ্রেছক প্রশ্ন কৰে!
ৰাহুল গান্ধীক পুনৰ কটাক্ষ কৰি শিক্ষামন্ত্রী পেগুৱে কয় যে বিভিন্ন পৰীক্ষাৰ পেপাৰ লীক হোৱাটো এক দীর্ঘদিনীয়া সমস্যা। ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই সমস্যা আমি নোহোৱা কৰিবলৈ দৃঢ়তা লব লাগিব। সেয়া হব সকলো পক্ষৰ সহযোগিতাৰ মাজেৰেহে।
কংগ্ৰেছৰ দৰে পলায়নবাদী মানসিকতা আৰু ৰাজনীতিকৰণৰে এই সমস্যাবোৰ সমাধান নহয়। পেপাৰ লীক নোহোৱা কৰিবলৈ প্রধানমন্ত্রী মোডী কিছুমান কঠোৰ পদক্ষেপো ইতিমধ্যে গ্রহণ কৰিছে। কিন্তু আপোনালোকৰ দলৰ আৰু মিত্ৰজোঁটৰ শাসনত থকা ৰাজ্যবোৰত হোৱা বিভিন্ন পৰীক্ষাৰ পেপাৰ লীক সম্পর্কেও আপুনি সৰৱ হোৱা উচিত আছিল। সেইবোৰত আপুনি সৰৱ নহয়। নে নিজৰ দলৰ শাসনত সংঘটিত দুষ্কর্ম ঢাকিবলৈ ছাত্ৰ-ছাত্ৰীৰ বিষয় এটাক লৈ এতিয়া আপুনি বৈতৰণী পাৰ হ'বলৈ বিচাৰিছে।
এই প্রসংগতে সংবাদমেলতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ২০২৫-২৬ বর্ষটোত কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ শাসনাধীন ৰাজ্যবোৰত হোৱা বিভিন্ন পৰীক্ষাৰ পেপাৰ লীক সম্পর্কীয় কেইটামান তথ্যও সদৰি কৰে। পেগুৱে কয় যে অকল ২০২৫-২৬ বর্ষটোতে ইণ্ডি এলায়েন্স শাসিত জম্মু আৰু কাশ্মীৰত চাৰ্ভিছ চিলেকচন ব'ৰ্ড পৰীক্ষা, ঝাৰখাণ্ডত দশম শ্ৰেণীৰ হিন্দী আৰু বিজ্ঞানৰ কাকত, তামিলনাডুত বিএড পৰীক্ষা, পঞ্জাৱত পিএছএছএছবি নিযুক্তি পৰীক্ষা, পশ্চিমবংগত আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা আৰু কংগ্ৰেছ শাসিত কর্ণাটকত এছএছএলছি এণ্ড চেকেণ্ড পিইউছি প্রিপাৰেটৰী পৰীক্ষা, কেৰালাত পিএছচি-২৬ পৰীক্ষাত অনিয়ম, তেলেংগানাত এছএছচি উর্দু মেডিয়াম আৰু ইন্টাৰমেডিয়েট লেংগুৱেজ পেপাৰ আৰু হিমাচল প্রদেশত দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ প্ৰশ্নকাকত লীক হৈছিল।
পেপাৰ লীকৰ সময়ত এই আটাইকেইখন ৰাজ্য ইণ্ডি এলায়েন্স শাসিত আছিল বুলিও তেখেতে মন্তব্য কৰে। তদুপৰি কংগ্ৰেছ শাসনাধীন ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্রী অশোক গেহলোটৰ কাৰ্যকালত ভাৰতবৰ্ষৰ ভিতৰতে পেপাৰ লীকৰ অভিলেখ সৃষ্টি কৰিছিল।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ কৰাৰ নামত যি অপ্রীতিকৰ তথা অশান্ত পৰিৱেশৰ সৃষ্টি কৰিছিল এই কাৰ্যই সমগ্র দেশকে লজ্জ্বান্বত কৰিছে। বিৰোধী দলপতি এগৰাকীৰ দেশৰ প্ৰধানমন্ত্ৰীক অৱমাননা কৰাৰ মানসিকতাকো সংবাদমেলখনত মন্ত্ৰী ৰণোজ পেগুরে চোকা ভাষাৰে সমালোচনা কৰে।
কংগ্ৰেছ তথা বামপন্থী দলসমূহে ছাত্র-ছাত্রীসকলক ঢাল হিচাপে ব্যৱহাৰ কৰি ৰাজনৈতিক মুনাফা লাভৰ ব্যৰ্থ চেষ্টা কৰিছে বুলিও সংবাদমেলখনত অভিহিত কৰে। শিক্ষাৰ প্ৰতি কংগ্ৰেছ আৰু ইউপিএ চৰকাৰৰ দায়িত্বহীনতা উদঙাই সংবাদমেলত ডাঃ পেগুৱে কয় যে, পূৰ্বৰ ইউপিএ আমোলত শিক্ষা বিভাগৰ বাজেট আছিল মাত্র ৮.২২৫ কোটি টকা। বিপৰীতে মোডী আমোলত এই বাজেট ১.৩ লাখ কোটি টকালৈ বৃদ্ধি হয়। এই সময়ছোৱাত দেশৰ বিভিন্ন প্রান্তত আইআইটি, আইএমএমকে ধৰি কলেজ আৰু বিশ্ববিদ্যালয়ৰ সংখ্যাও যথেষ্ট বৃদ্ধি হয়। ই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে সকলো ধৰণৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যাও পর্যাপ্ত পৰিমাণে বৃদ্ধি কৰা হয়, যিবোৰ কথা পূৰ্বৰ ইউপিএ আমোলত সপোনৰো অগোচৰ আছিল।
উল্লেখযোগ্য যে আজি সংবাদ মেলখনত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় দিপ্লুৰঞ্জন শৰ্মা, অনুপ বর্মন, মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়, সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামীও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ