
মৰিগাঁও, ২৩ জুলাই (হি.স.)। সামাজিক মাধ্যমত চিনাকি হৈ প্ৰেমৰ চালনাৰে যুৱতীক প্ৰৱঞ্চনা। মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত দলৈগাঁৱৰ তিনি সন্তানৰ পিতৃৰ জঘণ্য কাণ্ড। অবিবাহিত বুলি পৰিচয় দি ভূৰাগাঁৱৰ জাপৰিৰ এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই অপহৰণ। প্ৰৱঞ্চক জন মৈৰাবাৰী থানাৰ অন্তৰ্গত বৰথল দলৈ গাঁৱৰ আনছাৰুল হক।
৫ দিন ধৰি নিৰুদ্দিষ্ট যুৱতী গৰাকীৰে কোনো যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে। ভূৰাগাঁও থানাত গোচৰ নিৰুদ্দিষ্ট যুৱতীৰ পৰিয়ালৰ। ইফালে আনছাৰুল হকৰ পৰিবাৰ বা পৰিয়ালৰ আন লোকে সমগ্ৰ ঘটনাটো গোপনে ৰখাত তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে। আনছাৰুল হক নাৰী সৰবৰাহকাৰী চক্ৰৰে জড়িত থকাৰ সন্দেহ নিৰুদ্দিষ্ট যুৱতীৰ পৰিয়ালৰ লোকৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ