কলিয়াবৰত গড়কাপ্তানী পথৰ দুয়ো কাষে হাবি-জংঘলৰে ভৰি পৰাত ৰাইজ ব্যাপক অসুবিধাৰ সন্মুখীণ
শোণিতপুৰ, ২৩ জুলাই (হি.স.)। বৃহৎ বনাঞ্চলত পৰিণত হৈছে কলিয়াবৰৰ এটা ব্যস্ত পকী পথ। কলিয়াবৰ-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শিলঘাট সংযোগী গড়কাপ্তানী পথটোৰ দুয়ো কাষে হাবি-জংঘলৰে ভৰি পৰাত এতিয়া ব্যাপক অসুবিধাৰ সন্মুখীণ হৈছে যান-বাহনৰ চালক সকলৰ লগতে
কলিয়াবৰত গড়কাপ্তানী পথৰ দুয়ো কাষে হাবি-জংঘলৰে ভৰি পৰাত ৰাইজ ব্যাপক অসুবিধাৰ সন্মুখীণ


শোণিতপুৰ, ২৩ জুলাই (হি.স.)। বৃহৎ বনাঞ্চলত পৰিণত হৈছে কলিয়াবৰৰ এটা ব্যস্ত পকী পথ। কলিয়াবৰ-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শিলঘাট সংযোগী গড়কাপ্তানী পথটোৰ দুয়ো কাষে হাবি-জংঘলৰে ভৰি পৰাত এতিয়া ব্যাপক অসুবিধাৰ সন্মুখীণ হৈছে যান-বাহনৰ চালক সকলৰ লগতে স্থানীয় লোকসকলো।

চুলুঙৰ পৰা শিলঘাটলৈ ৭ কিলোমিটাৰ পথৰ দুয়োকাষে হাবি-জংঘলৰে ভৰি পৰা পথটোৰ প্ৰস্থ কাৰ্যতঃ হ্ৰাস পোৱাৰ লগতে বিপৰীত দিশৰ পৰা অহা বাহন প্ৰত্যক্ষ কৰাত অসুবিধা আহি পৰিছে। ফলত অতি ব্যস্ত উক্ত পথটোত ইতিমধ্যে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। দুবছৰ পূৰ্বে শিলঘাট-ধিং ৰিং বান্ধৰ ওপৰত থকা এই পকী পথটো গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰিছিল যদিও আজিলৈকে পথটোৰ অৱস্থা বিভাগটোৱে তদাৰক নকৰাৰ অভিযোগ উঠিছে। ফলত এতিয়া পথৰ ওপৰতে সৃষ্টি হৈছে বৃহৎ জংঘল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande