বানমুক্ত হোৱা নাই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
গোলাঘাট, ২৩ জুলাই (হি.স.)। শেহতীয়াকৈ পানী কিছু কমিলেও বানমুক্ত হোৱা নাই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমানেও উদ্যানখনৰ তিনিটা বনশিবিৰ বানৰ কৱলত থকাৰ তথ্য প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই । তৃণভূমি অঞ্চলসমুহ বানৰ কৱলত থকাৰ বাবে হাই
বানমুক্ত হোৱা নাই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান


গোলাঘাট, ২৩ জুলাই (হি.স.)। শেহতীয়াকৈ পানী কিছু কমিলেও বানমুক্ত হোৱা নাই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমানেও উদ্যানখনৰ তিনিটা বনশিবিৰ বানৰ কৱলত থকাৰ তথ্য প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই । তৃণভূমি অঞ্চলসমুহ বানৰ কৱলত থকাৰ বাবে হাইলেণ্ড আৰু পৰ্যটন পথত আশ্ৰয় লৈছে প্ৰায়সমুহ জীৱকুল ৷বৰ্তমানলৈকে বন্যজীৱকুলৰ কোনো ক্ষয়ক্ষতি হোৱা নাই যদিও অধিক সতৰ্ক হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ ৷

উল্লেখ্য় যে ৩৭ নং ৰাষ্ট্ৰীয় পথত মোতায়ন কৰা হৈছে অতিৰিক্ত বনকৰ্মী ৷ এনিমেল কৰিদৰৰ উপৰিও বিভিন্ন স্থানত স্থাপন কৰা হৈছে বেৰিকেড ৷ কিছু সংখ্যক জীৱকুলে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি আশ্ৰয় লৈছে কাৰ্বি আংলঙৰ নামনিত । কাৰ্বি আংলঙত জীৱকুলৰ নিৰাপত্তাৰ বাবে কাৰ্বি আংলঙ আৰু কাজিৰঙাৰ বন বিভাগে যৌথভাৱে পহৰা দিয়া হৈছে বুলি উল্লেখ কৰিছে কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াই ৷ এই সময়ছোৱাত দাতিকাষৰীয়া ৰাইজক অনাহকত বন্যপ্ৰানী উদ্ধাৰ কাৰ্য্য কৰাৰ পৰা বিৰত থকাৰ আহ্বান জনোৱাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে যাতায়ত কৰা বাহনৰ চালকসকলক সতৰ্কতাৰে এনিমেল কৰিদৰসমূহ অতিক্ৰম কৰাৰ অনুৰোধ জনায় ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande