
গোৱালপাৰা, ২৩ জুলাই (হি.স.)। জলেশ্বৰৰ ৰোৱাৰভিটাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া।
নৈৰ বুকুত জাহ গৈছে ঘৰ-বাৰী, কৃষিভূমি।
গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ৰোৱাৰভিটাত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত কিছুদিন ধৰি অব্যাহত থকা গৰাখহনীয়াই এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নৈৰ প্ৰবল খহনীয়াৰ কবলত পৰি প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে মানুহৰ ঘৰ-বাৰী, কৃষিভূমি।
সপোনৰ ঘৰখন হেৰুৱাই ইতিমধ্যে ৩০টাৰো অধিক পৰিয়ালে ঘৰ-বাৰী ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। কিন্তু বৰ্তমানো সংকটত ৰোৱাৰভিটাৰ অঞ্চলৰ বহু পৰিয়াল।
অভিযোগ অনুসৰি, গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বৰ্তমানলৈকে জলসম্পদ বিভাগে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত অঞ্চলবাসীৰ উদ্বেগ দিনে দিনে বৃদ্ধি পাইছে।
সময়মতে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত ৰোৱাৰভিটাৰ বহু পৰিয়াল অধিক সংকটৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে।
অঞ্চলবাসীয়ে স্থানীয় বিধায়ক,চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলৰটোৰ দুখীয়া পৰিয়াল সমূহক গৃহহীন হোৱাৰ পৰা ৰক্ষা কৰাৰ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা