যন্তৰ মন্তৰ প্ৰতিবাদস্থলীৰ সমীপত দিল্লী আৰক্ষী পৰিদৰ্শকক আক্ৰমণ, কাঢ়িলে আই-কাৰ্ড আৰু সোণৰ চেইন
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত বুধবাৰে গভীৰ নিশা দুষ্কৃতিকাৰীয়ে দিল্লী আৰক্ষী পৰিদৰ্শকক আক্ৰমণ কৰে । এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় পৰিদৰ্শক নন্দ কিশোৰ সিং। লগে লগে তেওঁক ৰাম মনোহৰ লোহিয়া (আৰ এম এল
जंतर-मंतर पर प्रदर्शन


নতুন দিল্লী, ২৩ জুলাই (হি.স.)। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত বুধবাৰে গভীৰ নিশা দুষ্কৃতিকাৰীয়ে দিল্লী আৰক্ষী পৰিদৰ্শকক আক্ৰমণ কৰে । এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় পৰিদৰ্শক নন্দ কিশোৰ সিং। লগে লগে তেওঁক ৰাম মনোহৰ লোহিয়া (আৰ এম এল) হাস্পতাললৈ লৈ যোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।

আৰক্ষী সূত্ৰৰ মতে, ইন্সপেক্টৰ নন্দ কিশোৰ সিং বৰ্তমান নানকপুৰাৰ এছ পি ইউ ডব্লিউএচিত কৰ্মৰত। যোৱা নিশা তেওঁক যন্তৰ মন্তৰস্থিত প্ৰতিবাদস্থলীত মোতায়ন কৰা হয়। গাড়ীখন ৰখাই ডিউটি পইণ্টৰ দিশে খোজকাঢ়ি গৈ থকা অৱস্থাত ভিৰৰ মাজৰ একাংশ দুস্কৃতিকাৰীয়ে তেওঁক ঘেৰি ধৰি হঠাতে আক্ৰমণ কৰে।

এই আক্ৰমণত পৰিদৰ্শক নন্দ কিশোৰ সিঙৰ শৰীৰৰ কেইবাটাও অংশ আঘাতপ্ৰাপ্ত হয়। অভিযোগ অনুসৰি আক্ৰমণৰ সময়ত আক্ৰমণকাৰীয়ে তেওঁৰ অফিচিয়েল দিল্লী আৰক্ষীৰ পৰিচয় পত্ৰ (আই-কাৰ্ড) আৰু সোণৰ চেইনো কাঢ়ি লৈ যায়। ওচৰতে উপস্থিত থকা আন আন আৰক্ষী বিষয়াই কেনেবাকৈ তেওঁক ভিৰৰ মাজৰ পৰা উলিয়াই আনি লগে লগে আৰ এম এল হাস্পতাললৈ লৈ যায়।

আৰক্ষী বিষয়াৰ মতে, প্ৰতিবাদস্থলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। তেওঁলোকে কয় যে চৰকাৰী কৰ্মচাৰীৰ ওপৰত আক্ৰমণ, ডকাইতি আৰু অন্যান্য প্ৰাসংগিক ধাৰাকে ধৰি প্ৰাসংগিক ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ঘটনাৰ পিছতে প্ৰতিবাদস্থলীত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে। জ্যেষ্ঠ বিষয়াসকলে আহত পৰিদৰ্শক নন্দ কিশোৰ সিঙৰ সৈতে সাক্ষাৎ কৰি তেওঁৰ সুস্থতাৰ বিষয়ে সোধা-পোছা কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande