
বৰপেটা, ২৩ জুলাই (হি.স.)। হাউলী মৰাপাট বজাৰৰ দুৰৱস্থা। ডাম্পিং গ্ৰাউণ্ডত পৰিনত হৈছে হাউলীৰ মৰাপাট বজাৰ। কদৰ্যময় পৰিবেশত চলিছে হাউলীৰ ঐতিহাসিক মৰাপাট বজাৰ। হাউলী পৌৰসভাক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো গা নলৰে হাউলী পৌৰসভাৰ। হাউলী বজাৰৰ পদপথত গঢ়ি উঠা অবৈধ ফলমুল দোকানৰ আৱৰ্জনা সমুহ মৰাপাট বজাবত পেলাই পৰিবেশ বিনষ্ট কৰিছে একাংশ ব্যৱসায়ীয়ে।
ইয়াৰ উপৰিও সামান্য বৰষুণ দিলেই বোকাময় পৰিবেশৰ সৃষ্টি হয় মৰাপাট বজাৰত। যাৰ বাবে এতিয়া অতিষ্ঠ হৈ পৰিছে মৰাপাট বজাৰৰ ব্যৱসায়ী সকলৰ লগতে কৃষক সকলে। ইপিনে মৰাপাট বজাৰত অবৈধ ভাবে অন্য ব্যৱসায়ী সকলে বেদখল কৰাৰ অভিযোগ মৰাপাট বজাৰৰ মহলদাৰৰ।স্বচ্ছতাৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰা হাউলী পৌৰসভাৰ মৰাপাট বজাৰৰ এই দৃশ্যই উদঙাইছে হাউলী চহৰৰ স্বচ্ছতাৰ প্ৰকৃত স্বৰূপ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ