প্ৰচণ্ড বৰষুণৰ প্ৰতি লক্ষ্য় কৰি গুজৰাটৰ মুখ্যমন্ত্ৰীক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰীয়ে সাহায্য আৰু উদ্ধাৰ অভিযান
প্ৰচণ্ড বৰষুণৰ প্ৰতি লক্ষ্য় কৰি গুজৰাটৰ মুখ্যমন্ত্ৰীক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ


নতুন দিল্লী, ২৩ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰীয়ে সাহায্য আৰু উদ্ধাৰ অভিযান আৰু নাগৰিকৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে ।

গুজৰাট চৰকাৰৰ তথ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনত চলি থকা প্ৰচণ্ড বৰষুণৰ মাজতে প্ৰধানমন্ত্ৰীয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কৰি ক্ষতিগ্ৰস্ত লোকসকলক সহায় আৰু সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে ।

ইফালে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যখনত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়ে অৱগত কৰে । গৃহমন্ত্ৰী শ্বাহে এই সন্দৰ্ভত গুজৰাটক প্ৰয়োজনীয় সকলো সহায়ৰ আশ্বাস দিয়ে ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande