
যোৰহাট ২৩ জুলাই (হি.স.):তিতাবৰ বিভিন্ন অঞ্চলত আজিও অপৰিৱৰ্তিত হৈ আছে বানপৰিস্থিতি। সমষ্টিৰ মুঠ ৪৭খন গাঁও বানৰ কৱলত পৰিছে। বহুতো অঞ্চলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নদীৰ জলস্তৰ।বানপানীৰ ফলত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাই বিৰাজ কৰিছে। বহু পৰিয়ালে ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে। বৰ্তমান তিতাবৰ মুঠ ১৩টা আশ্ৰয় শিবিৰত বানাক্ৰান্তই আশ্ৰয় লৈছে। আনহাতে বহু লোকে ৰাজপথত আশ্ৰয় লৈছে।প্ৰতিটো বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ৰাইজক সহায় আগবঢ়াইছে বিধায়ক ধীৰাজ গোৱালাই। জিলা প্ৰশাসনেও প্ৰতিটো অঞ্চলত ৰাইজক সকলো ধৰণৰ সহায় কৰিছে।আজি বিধায়ক ধীৰাজ গোৱালাই চুঙী জুৰীয়া নামঘৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ খবৰ লোৱাৰ লগতে তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয়।প্ৰশাসনে বানাক্ৰান্তক খাদ্য, বিশুদ্ধ খোৱাপানী আৰু চিকিৎসাৰ ব্যৱস্থা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ