
ডিব্ৰুগড়, ২৩ জুলাই (হি.স.): ডিব্ৰুগড়ৰ লাহোৱালৰ ঘোঁৰামৰাত গুলিচালনাৰ ঘটনা সংঘটিত হৈছে । বিলাসী বাহনত অহা অচিনাক্ত এটা দলে দুচকীয়া বাহন এখনত তিনিজন যুৱকে ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত ঘোঁৰামৰা পথত আগুচি ধৰি এজনক ভৰিত গুলিয়াই পলায়ণ কৰে ।
জানিব পৰা মতে চাবুৱা ৰংচঙী কপহোৱা গাৱঁৰ ৰন্টু গগৈ নামৰ যুৱক জনক ভৰিত গুলিওৱা লগতে ৰংচঙী দ্বীপজ্যোতি গগৈ, মিথু গগৈ গুৰুতৰ ভাবে আহত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত আছে । ৰন্টু গগৈ নামৰ যুৱক জনক ভৰি গুলিয়াই আহত কৰা পিছতে বিলাসী বাহনত অহা দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । লাহোৱালৰ ঘোঁৰামৰাত যোৱা কালি বুধবাৰে নিশা সংঘটিত হোৱাৰ ঘটনাক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ