কলগাছিয়াত চৰকাৰী সংৰক্ষিত ভুমিত অবৈধ ভাৱে কৰা দোকান গৃহত আজি প্ৰশাসনৰ উচ্ছেদ
বৰপেটা, ২৩ জুলাই (হি.স.)। কলগাছিয়া পুলিচ পইন্টৰ পৰা আই বি ৰোড লৈ যোৱা পথৰ কাষৰ চৰকাৰী সংৰক্ষিত ভুমিত অবৈধ ভাৱে কৰা দোকান গৃহত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ জিলা প্ৰশাসনে জাননী দিয়াৰ পিছত দোকানী সকলে নিজে নিজে উঠি যায় যদিও ৰৈ থকা কিছু দোকান গৃহত আজি
কলগাছিয়াত চৰকাৰী সংৰক্ষিত ভুমিত অবৈধ ভাৱে কৰা দোকান গৃহত আজি প্ৰশাসনৰ উচ্ছেদ


বৰপেটা, ২৩ জুলাই (হি.স.)। কলগাছিয়া পুলিচ পইন্টৰ পৰা আই বি ৰোড লৈ যোৱা পথৰ কাষৰ চৰকাৰী সংৰক্ষিত ভুমিত অবৈধ ভাৱে কৰা দোকান গৃহত আজি প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ জিলা প্ৰশাসনে জাননী দিয়াৰ পিছত দোকানী সকলে নিজে নিজে উঠি যায় যদিও ৰৈ থকা কিছু দোকান গৃহত আজি এইদৰে বৰপেটা জিলাৰ অতিৰিক্ত উপ আয়ুক্ত ৱাদিউল ইছলাম বৰপেটা জিলা ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰন বৈশ্য কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত উচ্ছেদ অভিযান চলায়৷

ইতিপূৰ্বে কেইবাবাৰো জাননী প্ৰদান কৰাৰ পিছত একাংশই নিজে নিজে দোকান সমূহ ভাঙি লৈ যায় ।উক্ত অভিযানত অধিকাংশ দোকানীয়ে প্ৰশাসনৰ সৈতে সহযোগ কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে জীৱিকাৰ বাবে বিকল্প স্থানৰ দাবী জনায় প্ৰশাসনলৈ ।উল্লেখ্য যে ৫০ ফুট বহল আৰু ৫৮৪ ফুট দীঘল কলগাছিয়া পুলিচ পইন্টৰ পৰা আই বি ৰোড লৈ যোৱা উক্ত পথৰ মাজত থকা ৪০/৫০ খনকৈ অবৈধ দোকানৰ বিৰুদ্ধে এইদৰে উচ্ছেদ চলায় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande