ডিব্ৰুগড় জিলাত বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে একাধিক অঞ্চল
ডিব্ৰুগড়, ২৩ জুলাই (হি.স.)। উজনি অসমৰ চাৰিখন জিলাৰ জলপ্ৰলয়ৰ সমান্তৰাল কৈ ডিব্ৰুগড় জিলাতো বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে একাধিক অঞ্চল । বিশেষ কৈ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ কেইবাটাও অঞ্চলৰ বহু কেইখন গাওঁ বুৰাই পেলাইছে। টি
ডিব্ৰুগড় জিলাত বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে একাধিক অঞ্চল


ডিব্ৰুগড়, ২৩ জুলাই (হি.স.)। উজনি অসমৰ চাৰিখন জিলাৰ জলপ্ৰলয়ৰ সমান্তৰাল কৈ ডিব্ৰুগড় জিলাতো বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে একাধিক অঞ্চল । বিশেষ কৈ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ কেইবাটাও অঞ্চলৰ বহু কেইখন গাওঁ বুৰাই পেলাইছে। টিংখাঙৰ ২ নং শলগুৰি , কৈৱৰ্ত্ত গাঁও, দিচাং-ৰংচোৱাল, চেঁচা নেপালী গাঁৱৰ বান পৰিস্থিতি কিছু সাম কাটিছে যদিও বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ অন্ত পৰা নাই। পানী কিছু হ্ৰাস পাইছে যদিও বৰ্তমানো বানাক্ৰান্ত ৰাইজে মথাউৰিতে শিবিৰ পাতি থাকিব লগা হৈছে।

ঘৰৰ ভিতৰত নদীৰ পলসেৰে ভৰি পৰিছে। টিংখাঙৰ দিচাং-ৰংচোৱাল, চেঁচা নেপালী, ২ নং শলগুৰি আৰু ২ নং ভৰালীবাৰী কলিতা গাঁৱত বানৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল । বানে জুৰুলা কৰি থৈ যোৱাৰ পিছতেই এতিয়া বোকা পলসেৰে ভৰি পৰিছে ঘৰৰ চৌপাশ । কিছু পৰিয়ালে ঘৰ দুৱাৰ পৰিস্কাৰ কৰিছে যদিও আন কিছু পৰিয়ালে এতিয়াও যাব পৰা নাই নিজ গৃহলৈ লগতে ভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে বানপিড়িত ৰাইজ সকল ।

খোৱাপানী, যাতায়ত, বিদ্যুৎ, আদিকে কৰি কেইবাটাও মূল সমস্যাত ভুগিছে গাওঁবাসী । যাতায়তৰ বাবে একমাত্ৰ পথটোৰ কিছু অংশ এতিয়াও পানীৰ তলত, যাৰ বাবে নিজৰ ঘৰ খনলৈ যাবলৈ একমাত্ৰ নাওৱে তেওঁলোকৰ সাৰথি। বুঢ়ীদিহিং আৰু দিচাং নৈৰ বাঢ়নী পানী ২ ৰ পৰা ৩ ফুট পৰ্যন্ত হ্ৰাস পাইছে যদিও বৰ্তমানেও বাসগৃহ সমূহ থকাৰ উপযোগী হৈ উঠা নাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande