
মানকাচাৰ, ২৩ জুলাই (হি.স.)। মানকাচাৰত চীপজৰি লোৱা অৱস্থাত এগৰাকী নাৰ্চৰ মৃতদেহ উদ্ধাৰ । মানকাচাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এগৰাকী নাৰ্চৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ৷ নিজৰ কোৱাৰ্টাৰত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ৷
দিনৰ দুই বজাত স্বাস্থ্য কেন্দ্ৰত ডিউটি আছিল নাৰ্ছ গৰাকীৰ ৷
মানকাচৰ আৰক্ষী আৰু দণ্ডাধীশৰ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণৰ প্ৰস্তুতি চলাইছে ।
মৃত নাৰ্চ গৰাকীৰ নাম ভোলা দত্ত বুলি জানিব পৰা গৈছে।
বৰ্তমানলৈকে নাৰ্চ গৰাকীৰ চীপজৰি লোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব।
নাৰ্চ গৰাকী মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কাষতে থকা চৰকাৰী আবাসত আছিল ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা