সংসদৰ পদযাত্ৰাৰ এনআইএ তদন্ত বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন; কাইলৈ শুনানি
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। বিগত ২০ জুলাইত সংসদত সংঘটিত হোৱা পদযাত্ৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ তদন্ত বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে । আজি মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ নেতৃত্বত চলা বিচাৰপীঠৰ সন্
aa61c80631d07ea34d0961912f9f03fe_8133132.jpg


নতুন দিল্লী, ২৩ জুলাই (হি.স.)। বিগত ২০ জুলাইত সংসদত সংঘটিত হোৱা পদযাত্ৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ তদন্ত বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছে । আজি মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ৰ নেতৃত্বত চলা বিচাৰপীঠৰ সন্মুখত এই আবেদনৰ কথা উল্লেখ কৰি আগতীয়াকৈ শুনানি বিচাৰিছে । ২৪ জুলাইত শুনানি গ্ৰহণ কৰা হ’ব বিষয়টোৰ।

আবেদনকাৰীৰ হৈ অধিবক্তা বৰুণ কুমাৰ সিনহাই উল্লেখ কৰে যে এইটো তথাকথিত ছাত্ৰ আন্দোলনৰ সৈতে জড়িত বিষয়। এই আন্দোলনে দিল্লীৰ সকলোকে পণবন্দী কৰি ৰাস্তা বন্ধ কৰি দিল্লীবাসীক অসুবিধাৰ সৃষ্টি কৰিছিল । ২৪ জুলাইত শুনানিৰ নিৰ্দেশ দিছিল আদালতে।

সৰ্বভাৰতীয় হিন্দু মহাসভাৰ প্ৰাক্তন উপ-সভাপতি সতীশ কুমাৰ আগৰৱালাই এই আৱেদন দাখিল কৰে। ইয়াত অভিযোগ কৰা হৈছে যে যন্তৰ মন্তৰ প্ৰতিবাদ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু ইয়াৰ আঁৰত বিদেশী শক্তি আছে। আৱেদনখনত দিল্লী আৰক্ষীয়ে পঞ্জীয়ন কৰা এফআইআৰ তদন্তৰ বাবে এনআইএক গতাই দিবলৈ দাবী জনাইছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande