
গুৱাহাটী, ২৩ জুলাই (হি.স.)। ৰাজ্যৰ তিনিখন জিলা বানৰ কবলত।
বহু সংখ্যক পশুধনৰ মৃত্যু।
পশুধনৰ মৃত্যুক কেন্দ্ৰ কৰি পশুপালন মন্ত্ৰী নীলিমা দেৱীৰ প্ৰতিক্ৰিয়া।
তিনিখন জিলাৰ ভিতৰত ১৮৬৫ গাঁৱৰ প্ৰায় ২৮৪১৮ পশুধন চিকিৎসাধীন।
প্ৰায় ৭২৫ টা পশুধনৰ মৃত্যু হৈছে।
মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে তিনিও খন জিলাৰ আয়ুক্তক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।
আনহাতে গাওঁ সমূহত পশুখাদ্যৰ যোগান ধৰাৰ কথা উল্লেখ কৰে।
ভিতৰুৱা গাওঁ সমূহত কিছু পলমকৈ পশুখাদ্য গৈছে যদিও আয়ুক্তক ইয়াৰো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে বুলি জানিব দিয়ে সাংবাদিকৰ আগত।
উল্লেখযোগ্য যে ১১ জনীয়া চিকিৎসকৰ দল প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা