
দৰং, ২৩ জুলাই (হি.স.)। দৰং আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া লালপুলত অৱস্থিত ২৩ বেটেলিয়ন সীমান্ত সুৰক্ষা বল (SSB) ৰ চাউনীত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ তৰফৰ পৰা কৰ্মৰত সেনা জোৱান, বিষয়া কৰ্মচাৰী আৰু সেনা জোৱান সকলৰ উপস্থিতিত আজি কেঞ্চাৰ সজাগতা সভা আৰু কেন্সাৰ স্ক্ৰীণিং কাৰ্যসূচী ৰূপায়ন কৰা হয়৷
লালপুল ৰ ২৩ বেটেলিয়ন সীমান্ত সুৰক্ষা বলৰ সেনা ছাউনীৰ' চিকিৎসক ডাঃ বিবেক নাথ ভি এফ য়ে পৰিচালনা কৰা কেঞ্চাৰ সজাগতা সভাত কৰ্কট ৰোগৰ বিষয়ে আৰু দৰং কৰ্কট কেন্দ্ৰত উপলব্ধ চিকিৎসা সেৱা সমূহৰ বিষয়ে অৱগত কৰে দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডা:কৰ্নেল চৈয়দ ইফটিখাৰ চোভানীয়ে।
তাৰোপৰি বিভিন্ন ৰোগৰ বিষয়ে সবিশেষ অৱগত কৰে কেইবা গৰাকী বিশেষজ্ঞ চিকিৎসকে৷ জৰায়ু মুখৰ কৰ্কট ৰোগ আৰু স্তন কৰ্কট ৰোগৰ লক্ষণ আৰু সাৱধানতাৰ লগতে কৰ্কট ৰোগৰ এইচ পি ভি ভেকচিন আদিৰ ওপৰত সবিশেষ অৱগত কৰে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ওদালগুৰি জিলাৰ চিকিৎসক ডাঃ প্ৰীতিস্মিতা দাসে। কেঞ্চাৰ সজাগতা সভা আৰু কেন্সাৰ স্ক্ৰীণিং কাৰ্যসূচীত শতাধিক জোৱান আৰু বিষয়া কৰ্মচাৰী আৰু জোৱানৰ পৰিয়ালবৰ্গ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা