
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশৰ শিক্ষা ব্যৱস্থা নষ্ট কৰাৰ লগতে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে চৰকাৰে শিক্ষা ব্যৱস্থাটো নিজৰ দখললৈ লৈছে আৰু ইয়াৰ অৱনতিৰ বাবে উৎসাহিত কৰিছে। ছাত্ৰ-ছাত্ৰীৰ দাবীক সমৰ্থন কৰি তেওঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদৰ পৰা অপসাৰণ, ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা, ছাত্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্য্য সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
জয়ৰাম ৰমেশে এক্সত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ সৰ্বাধিক ক্ষতি কৰিছে। চৰকাৰে শিক্ষা ব্যৱস্থা ধ্বংস কৰিবলৈ অনুমতি দিলে আৰু দায়ীসকলক সুৰক্ষা দিলে।
ছাত্ৰ-ছাত্ৰীৰ দাবী স্পষ্ট বুলিও তেওঁ কয়। প্ৰথম দাবী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক পদৰ পৰা অপসাৰণ। দ্বিতীয়টো দাবী ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা। তৃতীয়টো দাবী হ’ল ছাত্ৰ-ছাত্ৰীৰ ওপৰত হিংসাত্মক কাৰ্য্য সংঘটিত কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ।
তেওঁ কয় যে বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হোৱা, নিযুক্তি প্ৰক্ৰিয়াত পলম হোৱা, শিক্ষা ব্যৱস্থাত ক্ৰমাৎ বৃদ্ধি পোৱা অনিয়মে লাখ লাখ ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰিছে। এই গোচৰসমূহত দায়ীসকলৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, আৰু চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ উদ্বেগক গুৰুত্বসহকাৰে লোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া