বোকাখাতৰ নুমলীগড়স্থিত বান সাহায্য শিবিৰত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
গোলাঘাট, ২৩ জুলাই (হি.স.)। বানাক্ৰান্ত ৰাইজক তাৎক্ষণিক সকাহ আৰু প্ৰয়োজনীয় সহায় তথা সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে তৎপৰতাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে সাম্প্রতিক বান পৰিস্থিত
গোলাঘাট জিলাৰ বোকাখাতৰ বান সাহায্য শিবিৰত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই


গোলাঘাট, ২৩ জুলাই (হি.স.)। বানাক্ৰান্ত ৰাইজক তাৎক্ষণিক সকাহ আৰু প্ৰয়োজনীয় সহায় তথা সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে তৎপৰতাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে সাম্প্রতিক বান পৰিস্থিতিৰ বুজ ল’বলৈ, বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত স্থাপন কৰা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত তেখেতে শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বানাক্ৰান্ত লোকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ, দৈনন্দিন সন্মুখীন হোৱা বিভিন্ন অসুবিধা যেনে খাদ্য, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা, অনাময় ব্যৱস্থা, জৰুৰীকালীন সেৱা আদি বিষয়ে বুজ লয়। লগতে, মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ প্ৰতিটো প্ৰয়োজন অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰাৰ বাবে সমজিলা প্রশাসন তথা বিভাগীয় কর্তৃপক্ষক নির্দেশনা প্রদান কৰে। এই পৰিদৰ্শন কালত তেওঁৰ লগত উপস্থিত থাকে কেবিনেট মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ আৰু শ্ৰী অতুল বৰা।

বৰ্তমান এই শিবিৰটোত মুঠ ১৮২ গৰাকী লোকে আশ্ৰয় লৈ আছে, ইয়াৰে ৭৫ জন পুৰুষ আৰু ১০৭ গৰাকী মহিলাৰ লগতে ২২ গৰাকী কিশোৰ-কিশোৰী আছে। তদুপৰি, বিশেষ যত্নৰ প্ৰয়োজনীয় লোকসকলৰ ভিতৰত ৪ টা দুগ্ধপোষ্য শিশু, ৪ গৰাকী দুগ্ধদানকাৰী মাতৃ, ৩ গৰাকী গৰ্ভৱতী মহিলা আৰু ১ জন দিব্যাঙ্গ ব্যক্তি অন্তৰ্ভুক্ত হৈ আছে । জৰুৰীকালীন সাহায্যৰ বাবে শিবিৰটোৰ হেল্পলাইন নম্বৰ হৈছে ৯১০১৪৫৮৬৭১।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী গৰাকীয়ে বোকাখাত সমষ্টি আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত বুজ লয় আৰু বানাক্ৰান্ত লোকসকলক দ্ৰুতগতিত সকাহ প্ৰদান আৰু পুনৰ সংস্থাপনৰ কাম ত্বৰান্বিত কৰিবলৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বোকাখাত সমজিলাৰ আয়ুক্ত, ৰাজহ চক্ৰ বিষয়া সমন্বিতে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande