প্ৰশ্নকাকত চুৰি আৰু বিতৰণৰ গোচৰত এতিয়ালৈকে ৪৫জন অভিযুক্তৰ বিৰুদ্ধে দাখিল অভিযোগনামাঃ চিবিআই
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ই প্ৰকাশ কৰা অনুসৰি এনইইটি (ইউজি) ২০২৪ প্ৰশ্নকাকত চুৰিৰ গোচৰৰ বিশদ তদন্তৰ সময়ত সঞ্জীৱ কুমাৰ ওৰফে সঞ্জীৱ মুখীয়াৰ জড়িততাৰ কোনো প্ৰমাণ পোৱা নাই । প্ৰশ্নকাকত চুৰি আৰু বিতৰণৰ লগত জড়
सीबीआई


নতুন দিল্লী, ২৩ জুলাই (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ই প্ৰকাশ কৰা অনুসৰি এনইইটি (ইউজি) ২০২৪ প্ৰশ্নকাকত চুৰিৰ গোচৰৰ বিশদ তদন্তৰ সময়ত সঞ্জীৱ কুমাৰ ওৰফে সঞ্জীৱ মুখীয়াৰ জড়িততাৰ কোনো প্ৰমাণ পোৱা নাই । প্ৰশ্নকাকত চুৰি আৰু বিতৰণৰ লগত জড়িত সকলো ব্যক্তিক চিনাক্ত কৰা হৈছে আৰু এই গোচৰৰ ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে এতিয়ালৈকে অভিযোগনামা দাখিল কৰা হৈছে ।

বৃহস্পতিবাৰে চিবিআইয়ে প্ৰকাশ কৰা অনুসৰি ২০২৪ চনত বিহাৰ আৰক্ষীয়ে এনইইটি (ইউজি) প্ৰশ্নকাকত চুৰিৰ গোচৰ ৰুজু কৰিছিল । সঞ্জীৱ কুমাৰ ওৰফে সঞ্জীৱ মুখীয়াক প্ৰথমে সন্দেহৰ ভিত্তিত অভিযুক্ত হিচাপে নামকৰণ কৰা হৈছিল, কিয়নো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ আন গোচৰত তেওঁৰ নাম ওলাইছিল । পিছত গোচৰটো তদন্তৰ বাবে চিবিআইক গতাই দিয়ে। তদন্তৰ সময়ত চুৰি, বিতৰণ আৰু প্ৰশ্নকাকত খনৰ পৰা লাভৱান হোৱা প্ৰতিজন ব্যক্তিক চিনাক্ত কৰা হৈছিল । এই সন্দৰ্ভত পাটনাৰ যোগ্য আদালতত ৪৫ জন ব্যক্তিৰ বিৰুদ্ধে কেইবাখনো অভিযোগনামা দাখিল কৰা হৈছে।

চিবিআইৰ মতে, তদন্তৰ সময়ত সঞ্জীৱ মুখিয়াৰ ভূমিকা সন্দৰ্ভত বিতং তদন্ত কৰা হৈছিল যদিও এনইইটি (ইউজি) ২০২৪ প্ৰশ্নকাকত চুৰি বা বিতৰণৰ ক্ষেত্ৰত তেওঁৰ জড়িততা প্ৰমাণ কৰিব পৰা কোনো প্ৰমাণ তেওঁৰ বিৰুদ্ধে পোৱা নগ’ল। তদন্তৰ সময়ত পলাতক হৈ থাকে সঞ্জীৱ মুখীয়া। পিছত বিহাৰ আৰক্ষীয়ে আন আন গোচৰত গ্ৰেপ্তাৰ কৰে। যিহেতু এনইইটি (ইউজি) ২০২৪ গোচৰৰ এফআইআৰতো তেওঁৰ নাম আছিল, সেয়েহে চিবিআইয়ে তেওঁক জেৰাৰ বাবে আটক কৰি ৰাখিছিল।

চিবিআইয়ে উল্লেখ কৰিছে যে যিহেতু তদন্তত তেওঁৰ জড়িততাৰ কোনো প্ৰমাণ উন্মোচন কৰিব পৰা নাছিল, সেয়েহে সেই গোচৰত তেওঁৰ বিৰুদ্ধে কোনো অভিযোগনামা দাখিল কৰা হোৱা নাছিল। ফলস্বৰূপে তেওঁ এনইইটি (ইউজি) গোচৰত জামিন লাভ কৰে। অৱশ্যে বিহাৰ আৰক্ষীয়ে তদন্ত কৰি থকা আন গোচৰৰ লগত জড়িত থকাৰ বাবে তেওঁ ন্যায়িক জিম্মাত আছে। এনইইটি (ইউজি) ২০২৪ প্ৰশ্নকাকত চুৰি গোচৰৰ এক সম্যক তদন্ত সম্পূৰ্ণ হৈছে, আৰু এই ষড়যন্ত্ৰৰ সৈতে জড়িত সকলোকে চিনাক্ত কৰি ন্যায়ৰ ওচৰলৈ অনা হৈছে। সঞ্জীৱ মুখিয়াক ইচ্ছাকৃতভাৱে গোচৰৰ পৰা ৰক্ষা কৰা বা বাদ দিয়াৰ সন্দৰ্ভত এতিয়া প্ৰচাৰিত বক্তব্যসমূহ বাস্তৱিকতে ভুল।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande