
কামৰূপ, ২৩ জুলাই (হি.স.)। চোৰৰ উপদ্ৰৱত সন্ত্ৰষ্ঠ হৈ পৰা ৰঙিয়াত সদ্য সংঘটিত চুৰি কাণ্ডত জড়িত থকা দুজন চোৰক আটক কৰিবলৈ সক্ষম হয় ৰঙিয়া আৰক্ষী ।
সোমবাৰে নিশা তুলসীবাৰী আৰক্ষী চকীৰ সমীপতে অৱস্থিত বণিক গহণালয়ত চুৰিকাণ্ড সংঘটিত কৰা দুই চোৰক ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই কলগছিয়া আৰু হাউলিৰ পৰা আটক কৰে ।
আটকাধীন চোৰ দুটা হাদিল আলী আৰু চফিকুল ইছলাম ।
আনহাতে চুৰিকাণ্ডত ব্যাৱহাৰ কৰা দুখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।উল্লেখযোগ্য যে
সোমবাৰে নিশা তুলসীবাৰীৰ বণিক গহণালয়ত চুৰিকাণ্ড সংঘটিত কৰিছিল দুই চোৰে । গহণালয়খনৰ পৰা লক্ষাধিক টকাৰ সোণ-ৰূপৰ গহণা, নগদ ধনৰ লগতে লকাৰটোও লুট কৰি নিবলৈ সক্ষম হৈছিল। ইফালে ঘটনা স্থলীত অনুসন্ধানৰ বাবে উপস্থিত হোৱা ৰঙিয়া আৰক্ষীৰ দলে
ৰাইজৰ তীব্ৰ ভৎৰ্সনাৰ সন্মুখীন হোৱাৰ পিছতে ক্ষীপ্ৰতাৰে অনুসন্ধান চলাই চোৰ দুটাক আটক কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা