
ইছলামাবাদ, ২৩ জুলাই (হি.স.)। পাকিস্তানৰ বেলুচিস্তানত নিৰাপত্তা বাহিনীয়ে বিদ্ৰোহীক হত্যা কৰাৰ পিছতে বিস্ফোৰণ কৰি এখন দলং উৰুৱাই দিয়া হয়। কেইবাখনো চহৰত কৰ্তৃপক্ষই জাৰি কৰিলে সান্ধ্য আইন। পাকিস্তান সেনাৰ জনসংযোগ বিভাগৰ এক বিবৃতি অনুসৰি মাষ্টুং আৰু ছ’ৰাব জিলাত নিৰাপত্তা বাহিনীয়ে ১০ জন অস্ত্ৰধাৰী লোকক হত্যা কৰে।
দ্য বেলুচিস্তান পোষ্টৰ তথ্য অনুসৰি বুধবাৰে সন্ধিয়া মাষ্টুং জিলাৰ খাদ ষ্ট্ৰীটৰ এংগিৰি ক্ৰছৰ সমীপৰ কুৱেটা-কাৰাচী মূল ঘাইপথৰ এখন দলংক লক্ষ্য কৰি অচিনাক্ত অস্ত্ৰধাৰী লোকে লক্ষ্য কৰি লয়। বিস্ফোৰণৰ ফলত দলংখনৰ ক্ষতিসাধন হোৱাৰ ফলত যাতায়ত বন্ধ হৈ পৰে। যোৱা কিছুদিনত বেলুচিস্তানত কেইবাখনো দলং লক্ষ্য কৰি লোৱা হৈছে। সোৰাব, কালাট, খুজদাৰৰ দলং ধ্বংস কৰিছে সশস্ত্ৰ লোকে।
ইয়াৰ পিছতে বুধবাৰে নিশা ৮ বজাত বেলুচিস্তান চৰকাৰে মাষ্টুঙৰ খাৰকোছা উপ-তহচিলত সান্ধ্য আইন ঘোষণা কৰে। সান্ধ্য আইনৰ সময়ত ঘৰৰ পৰা ওলাই নাযাবলৈ সকীয়াই ঘোষণা কৰা হৈছিল। সান্ধ্য আইন উলংঘা কৰা কোনো লোকক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে কৰ্তৃপক্ষই। তাৎপৰ্যপূৰ্ণভাৱে নুস্কি আৰু খুজদাৰ জিলাৰ জেহৰী তহচিলত কেইবামাহো ধৰি সান্ধ্য আইন প্ৰণয়ন কৰা হৈছে। জিউনিতো প্ৰযোজ্য হৈ আছে সান্ধ্য আইন।
ইয়াৰ পূৰ্বে আইএছপিআৰে ছ’ৰাব আৰু মাষ্টুঙত ১০ জন অস্ত্ৰধাৰী লোকক হত্যা কৰা বুলি দাবী কৰাৰ লগতে দুগৰাকী কথিত মহিলা আত্মঘাতী বোমাৰুক গ্ৰেপ্তাৰ কৰিছিল। আই এছ পি আৰৰ তথ্য অনুসৰি ৪৮ ঘণ্টাৰ ভিতৰত সোৰাব আৰু মাষ্টুং জিলাত বাহিনীয়ে ১০ জন অস্ত্ৰধাৰী লোকক হত্যা কৰে। ছ’ৰাব জিলাত ৭টা উগ্ৰপন্থী আৰু মাষ্টুঙত ৩জন উগ্ৰপন্থী নিহত হয়। দুগৰাকী মহিলা আত্মঘাতী বোমাৰু আৰু তেওঁলোকৰ এজন সহযোগীকো আটক কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া