বৰপেটাৰ বহৰিৰ মহাপুৰুষ হৰিদেৱ স্থাপিত বনগঞাগিৰি থানত মহাভাগৱত পাঠ
বৰপেটা, ২৩ জুলাই (হি.স.)। বৰপেটাৰ বহৰিৰ মহাপুৰুষ হৰিদেৱ স্থাপিত বনগঞাগিৰি থানত মহাভাগৱত পাঠ উপলক্ষে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। সুদীৰ্ঘ ৬৩ বছৰে চলি আহিছে বহৰিৰ মহাপুৰুষ হৰিদেৱ স্থাপিত বনগঞাগিৰি থানত মহাভাগৱত পাঠ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰৰ
বৰপেটাৰ বহৰিৰ মহাপুৰুষ হৰিদেৱ স্থাপিত বনগঞাগিৰি থানত মহাভাগৱত পাঠ


বৰপেটা, ২৩ জুলাই (হি.স.)। বৰপেটাৰ বহৰিৰ মহাপুৰুষ হৰিদেৱ স্থাপিত বনগঞাগিৰি থানত মহাভাগৱত পাঠ উপলক্ষে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। সুদীৰ্ঘ

৬৩ বছৰে চলি আহিছে বহৰিৰ মহাপুৰুষ হৰিদেৱ স্থাপিত বনগঞাগিৰি থানত মহাভাগৱত পাঠ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰৰ সত্ৰাধিকাৰ, পাঠক আৰু বাখ্যাকাৰ উপস্থিত মহাপুৰুষ হৰিদেৱ স্থাপিত বহৰি সত্ৰৰ বনগঞাগিৰি থানত ।

আধ্যাত্মিক পৰিৱেশৰ মাজত হাজাৰ হাজাৰ ভক্তই শ্ৰবণ কৰিছে ভাগৱতৰ অমিয়া ৰস ।

সত্ৰনগৰী বৰপেটাৰ মহাপুৰুষ হৰিদেৱ স্থাপিত বহৰি সত্ৰৰ বনগঞাগিৰি থানত ১৫ জুলাইৰ পৰা আৰাম্ভ হোৱা অখণ্ড ভাগৱত পাঠৰ আজি নৱম দিন ।

সনাতন হিন্দু ধৰ্মৰ মুল গ্ৰন্থ শ্ৰীমদ্ভাগৱত শাস্ত্ৰখন ৯দিন ধৰি দিনে নিশাই পাঠ আৰু ব্যাখ্যাৰে আজি সামৰণি পৰিব ভাগৱত পাঠ যজ্ঞ ।

শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যাৰ বাবে বহৰি সত্ৰৰ বনগঞাগিৰি থানত উপস্থিত ৰাজ্যৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, পাঠক আৰু ব্যাখ্যাকাৰে ৯ দিন ধৰি কৰা পাঠ আৰু ব্যাখ্যাৰ শেষত আজি বিশাল শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ পাঠ সম্পূৰ্ণ হয় ।

কোনো বিৰতি নোহোৱাকৈ দিনে নিশাই একে লেঠাৰিয়ে পাঠ সম্পূৰ্ণ কৰা বহৰি সত্ৰৰ ভাগৱত পাঠ যজ্ঞ অনুস্থানটোৱে অসমৰ সত্ৰ সংস্কৃতিত উল্লেখনীয় স্থান অধিকাৰ কৰি আহিছে ।

মহাপুৰুষ হৰিদেৱ গুৰুৱে অসমত আৰম্ভ কৰা অখণ্ড ভাগৱত যজ্ঞৰ পৰম্পৰা অনুসৰি এইদৰে বহৰি সত্ৰত প্ৰতিবছৰে ভাগৱত যজ্ঞ অনুষ্ঠিত হৈ আহিছে ।

সমগ্ৰ অসমৰ ভিতৰতে অদ্বিতীয় ভাগৱত পাঠ অনুস্থানত উপস্থিত হৈ ভক্তসকলে চেওঁলোকে পৰম সন্তুষ্টি লাভ কৰে ।

ইপিনে থানখনৰ বহু মাটি বেদখল হোৱা বুলি অভিযোগ তুলিছে থান পৰিচালনা সমিতিয়ে ।

এইক্ষেত্ৰত থানখন পৰিচালনাৰ বাবে বেদখলী ভূমি উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনাইছে থান পৰিচালনা সমিতিয়ে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande