
গুৱাহাটী, ২৩ জুলাই (হি.স.)। অবিৰত বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতি অত্যন্ত ভয়াৱহ হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ২২ জুলাইত প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত এদিনতে মুঠ ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ ফলত ৰাজ্যখনত বানৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি পাইছে । অসমত বিপদ সীমাৰ ওপৰেৰে বৈ যোৱা নদীসমূহৰ ভিতৰত বুৰহিদিহিং (চেনিমাৰী, খোৱাং), দিখৌ (শিৱসাগৰ), ধনশিৰি (নুমলীগড়), আৰু কুশিয়াৰা (শ্ৰীভূমি) অন্যতম।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব্যক্তিগতভাৱে ভয়াৱহ ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, আৰু যোৰহাট জিলা পৰিদর্শন কৰি ক্ষতিগ্রস্ত লোকসকলৰ সৈতে সাক্ষাৎ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে ৷ ইফালে, অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ আৰু বিধায়কসকলে ধাৰাবাহিকভাৱে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজক সাহায্য প্ৰদান কৰি আছে।
সৰ্বোচ্চ জলপৃষ্ঠৰ ওপৰেৰে বৈ যোৱা নদীসমূহৰ ভিতৰত দিছাং (নাংলামুৰঘাট) অন্যতম। বৰ্তমান কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ধেমাজি, হোজাই, আৰু কামৰূপ (মেট্ৰ')কে ধৰি ১১খন জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। সমগ্ৰ ১১খন জিলাৰ ৪০টা ৰাজহ বিভাগৰ মুঠ ৯৩৯খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ মুঠ জনসংখ্যা ৬৫৩,১৬৪ প্ৰভাৱিত হৈছে আৰু ২৪,৮৯৭.২৭ হেক্টৰ কৃষিভূমি বাঢ়নী পানীত ডুব গৈছে।
ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্তসকলৰ বাবে ১০৬টা সাহায্য শিবিৰ আৰু ৩৮১টা সাহায্য বিতৰণ কেন্দ্ৰকে ধৰি মুঠ ৪৮৭টা শিবিৰ স্থাপন কৰিছে। ২৪,৪১৮ জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। আনহাতে ২,৯০,৮২৬ জন অশিবিৰ বাসিন্দাই সাহায্য বিতৰণ কেন্দ্ৰত সাহায্য লাভ কৰি আছে।ৰাজ্য়ত ২২ জুলাইত বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জন হয়গৈ । ইয়াৰ ভিতৰত আছে কাৰ্বি আংলঙত ১ জন, চৰাইদেউত ২ জন, শিৱসাগৰত ৩ জন, যোৰহাটত ৩ জন আৰু ধেমাজিত ১ জন। ইফালে, শিৱসাগৰ জিলাত বানপানীৰ পানীত উটি যোৱাৰ ফলত নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা ৬ জন বুলি অভিহিত কৰা হৈছে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মুঠ জীৱ-জন্তুৰ সংখ্যা ১৩৮৯৬৫ টা। ইয়াৰে ৫৭৫৫২ টা ডাঙৰ প্ৰাণী, ৩৮৭৮৮ টা সৰু প্ৰাণী আৰু ৪২৬২৫ টা হাঁহ-কুকুৰাৰ প্ৰাণী। ইফালে বানপানীৰ পানীত মুঠ ১০৭টা জীৱ-জন্তু উটুৱাই লৈ যায়। ইয়াৰে ৮৩টা ডাঙৰ প্ৰাণী, ০৪টা সৰু আৰু ২০টা হাঁহ-কুকুৰা।
এছডিআৰএফ, ডিডিআৰএফ, এনডিআৰএফ, আৰক্ষী, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা (এফ এণ্ড ই এছ), চক্ৰ কাৰ্যালয়/স্থানীয় প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা/প্ৰশিক্ষিত স্বেচ্ছাসেৱক, আৰু অগ্নিনিৰ্বাপক বিভাগে বান সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । ইফালে ৰাজ্য চৰকাৰে বানাক্ৰান্ত অঞ্চলত মুঠ ১১টা চিকিৎসা দল মোতায়েন কৰে । ৫৬খন নাও সাহায্য অভিযানত নিয়োজিত হৈছিল। বানপানীত আবদ্ধ হৈ থকা ৮,৪০৯ জন লোকক উদ্ধাৰ কৰে নাৱেৰে । নাৱেৰে ৩৫টা জীৱ-জন্তুও উদ্ধাৰ কৰা হয়। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত সাহায্য কামৰ বাবেও এখন হেলিকপ্টাৰ নিয়োগ কৰা হয় । বানপানীৰ পানীত আবদ্ধ হৈ থকা এজন ব্যক্তিক হেলিকপ্টাৰেৰে নিৰাপদে উলিয়াই আনিলে।
ৰাজ্য চৰকাৰে বৰ্ণাত্য়ৰ মাজত চাউল (কুইণ্টলত): ৩৬৩৭.৫২৫৪, দাইল (কুইণ্টলত): ৬৯১.৭৬৩২, নিমখ (কুইণ্টলত): ১৫২২.৩২৮১, সৰিয়হৰ তেল (লিটাৰত): ১৪০২৯.১৩৩, গৰু খাদ্য - ঘেঁহুৰ চাপৰ (কুইণ্টলত): ২০২৬.৮৪ আৰু পশু খাদ্য - ধানৰ মল (কুইণ্টলত): ৪৭৭.৬৫ বিতৰণ কৰিছে ।
বানপানীৰ ফলত পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ