
গুৱাহাটী, ২৩ জুলাই (হি.স.)। বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাৰ বাজেট কৰ্তনৰ প্ৰস্তাৱক কেন্দ্ৰ কৰি দুদিনীয়া বিতৰ্কৰ অন্তত আজি ১৬ সংখ্যক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দশম দিনত বিৰোধীয়ে প্ৰত্যাহাৰ কৰে। ইয়াৰ ফলত শিক্ষা বিভাগৰ বাজেট গৃহীত হোৱাৰ পথ মুকলি হ’ল।
বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কৰ্তন প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ সামৰণি মাৰি কয় যে দুদিনত ৫০ জন বিধায়কৰ দীঘলীয়া আলোচনা হৈছিল, যাৰ ফলত শিক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ বিষয়ৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। বিৰোধী বিধায়ক সকলে স্পষ্ট কৰি দিয়ে যে কৰ্তন প্ৰস্তাৱ অনাৰ তেওঁলোকৰ প্ৰধান উদ্দেশ্য বিষয়টোৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা আৰু এই খণ্ডৰ বাবে চৰকাৰে অধিক পুঁজিৰ দাবীক সমৰ্থন কৰিব।
আলোচনাৰ শেষত ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰানোজ পেগুৱে বিষয়টোৰ ওপৰত অৰ্থপূৰ্ণ আৰু দীঘলীয়া আলোচনাক আদৰণি জনাই বিধায়ক সকলে উত্থাপন কৰা সকলো বিষয়ৰ প্ৰতি সঁহাৰি জনাই চৰকাৰ আৰু শিক্ষা বিভাগে সকলো সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে।
শিক্ষামন্ত্ৰীৰ এই আশ্বাসৰ পিছতে কৰ্তনৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক তথা বিৰোধী দলৰ নেতা ৱাজেদ আলী চৌধুৰী, এ আই ইউ ডি এফৰ বিধায়ক মুজিবুৰ ৰহমান, আৰু টি এম চিৰ বিধায়ক শ্বেৰমান আলী আহমেদে।
উল্লেখযোগ্য যে যোৱা ২২ জুলাইৰ পৰা আৰম্ভ হোৱা স্কুলীয়া শিক্ষা আৰু উচ্চ শিক্ষাৰ বাজেট কৰ্তন প্ৰস্তাৱৰ আলোচনাৰ দ্বিতীয় দিনা কংগ্ৰেছৰ নুৰুল হুদা, ড° জয় প্ৰকাশ দাস, জাকিৰ হুছেইন শিকদাৰ, মহিবুৰ ৰহমান, মো কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত আলোচনাত অংশগ্ৰহণ কৰে টিএমচিৰ শ্বেৰমান আলী আহমেদে। অৱশ্যে এই কৰ্তনৰ বিৰোধিতা কৰি বিজেপিৰ প্ৰকাশ চন্দ্ৰ দাস, তুলিৰাম ৰংহাং, পুলক গোহাঁই, নিসো তেৰাংপি, ঋতিবৰণ শৰ্মা, ভূৱন গাম, পবিত্ৰ ৰাভা, ভিক্টৰ কুমাৰ দাস, শশীকান্ত দাস, কিশোৰ নাথ, হিমাংশু শেখৰ বৈশ্য, আৰু অগপৰ জীৱেশ ৰায় আদিয়ে এই আলোচনাত অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ