অসমৰ বান পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ পৰা বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে
গুৱাহাটী, ২৩ জুলাই (হি.স.)। অসমৰ বান পৰিস্থিতিৰ বিষয়ে আজি অৱগত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । টেলিফোনযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বাৰ্তালাপত বান পৰিস্থিতিৰ বুজ ল’লে অমিত শ্বাহে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্য
অসমৰ বান পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ পৰা বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে


গুৱাহাটী, ২৩ জুলাই (হি.স.)। অসমৰ বান পৰিস্থিতিৰ বিষয়ে আজি অৱগত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । টেলিফোনযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বাৰ্তালাপত বান পৰিস্থিতিৰ বুজ ল’লে অমিত শ্বাহে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক উক্ত বিষয়ে অবগত কৰে।

সামাজিক মাধ্যমতো হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে, ‘‘কিছু সময় পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। অসমত উদ্ভৱ হোৱা অভূতপূৰ্ব বান পৰিস্থিতিৰ সন্দৰ্ভত তেও উল্লেখ কৰে যে ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শীঘ্ৰে এক কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ প্রতিনিধি দল অসমত আহি উপস্থিত হ'ব ।

ডাৱৰ বিস্ফোৰণৰ ফলত উজনিত সংঘটিত আকস্মিক বানে অসমৰ অগনন ৰাইজৰ জীৱন আৰু জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে । এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ কাষত দৃঢ়ভাৱে থিয় দিয়াৰ বাবে দেশৰ গৃহমন্ত্ৰী গৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।’’

উল্লেখযোগ্য যে উজনি অসমত বৰ্তমানো অপৰিৱৰ্তিত আছে শোচনীয় বান পৰিস্থিতি । বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাই চকু সেমেকাই তুলিছে সকলোৰে। বানত সকলো হেৰুৱাই এতিয়া অনিশ্চিত ভৱিষ্যতৰ দুশ্চিন্তাত সময় কটাইছে বানাক্ৰান্ত ৰাইজে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande