চিজেপিৰ মুৰব্বী অভিজিৎ দীপকে অসুস্থ
নতুন দিল্লী, ২৩ জুলাই (হি.স.)। ছ’চিয়েল মিডিয়া প্ৰচাৰ ককৰোচ জনতা পাৰ্টিৰ (চিজেপি) মুৰব্বী অভিজিৎ দিপকে বৃহস্পতিবাৰে অসুস্থ হৈ পৰে। তেওঁৰ অতিমাত্ৰা জ্বৰত ভুগিছে । দিপকে নিজেই ইনষ্টাগ্ৰামত এটা পোষ্টত এই তথ্য শ্বেয়াৰ কৰিছে। দিপকে লিখিছে, যোৱা কে
अभिजीत दीपके


নতুন দিল্লী, ২৩ জুলাই (হি.স.)। ছ’চিয়েল মিডিয়া প্ৰচাৰ ককৰোচ জনতা পাৰ্টিৰ (চিজেপি) মুৰব্বী অভিজিৎ দিপকে বৃহস্পতিবাৰে অসুস্থ হৈ পৰে। তেওঁৰ অতিমাত্ৰা জ্বৰত ভুগিছে । দিপকে নিজেই ইনষ্টাগ্ৰামত এটা পোষ্টত এই তথ্য শ্বেয়াৰ কৰিছে।

দিপকে লিখিছে, যোৱা কেইদিনমানৰ পৰা জ্বৰ আৰু শৰীৰৰ তীব্ৰ বিষ অনুভৱ কৰি আহিছো, কিন্তু বিষৰ ঔষধেৰে মেনেজ কৰি আহিছো। আজি যন্তৰ মন্তৰত দেখা নাপালে মোক ক্ষমা কৰিব। সুস্থ হ'বলৈ মোক কেইঘণ্টামান জিৰণি লোৱাৰ প্ৰয়োজন। সন্ধিয়াৰ ভিতৰত প্ৰতিবাদস্থলীলৈ উভতি আহিম।

মন কৰিবলগীয়া যে শিক্ষা ব্যৱস্থাৰ অনিয়ম আৰু কাগজ ফাদিলৰ বিষয়টোক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিয়া চিজেপিয়ে ২০ জুলাইত সংসদ চলো পদযাত্ৰাৰ কথা ঘোষণা কৰিছিল।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande