সামৰিক আৰু ক্ষেত্ৰ চিকিৎসালয়ত আয়ুছ সেৱা প্ৰৱৰ্তনৰ প্ৰস্তাৱ, প্ৰতাপৰাও জাধৱৰ প্ৰতিৰক্ষা মন্ত্ৰীলৈ পত্ৰ
নতুন দিল্লী, ২২ জুলাই (হি.স.)। সমগ্ৰ দেশৰ সকলো সামৰিক আৰু ক্ষেত্ৰ চিকিৎসালয়ত আয়ুছ বহিঃৰোগী বিভাগ (অ’পিডি) আৰু আয়ুছ ভিত্তিক চিকিৎসা সেৱা স্থাপনৰ প্ৰস্তাৱ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈ কেন্দ্ৰীয় আয়ুছ (স্বাধীন চাৰ্জ) ৰাজ্যিক মন্ত্ৰী তথা স্বা
आयुष मंत्री प्रतापराव जाधव


নতুন দিল্লী, ২২ জুলাই (হি.স.)। সমগ্ৰ দেশৰ সকলো সামৰিক আৰু ক্ষেত্ৰ চিকিৎসালয়ত আয়ুছ বহিঃৰোগী বিভাগ (অ’পিডি) আৰু আয়ুছ ভিত্তিক চিকিৎসা সেৱা স্থাপনৰ প্ৰস্তাৱ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈ কেন্দ্ৰীয় আয়ুছ (স্বাধীন চাৰ্জ) ৰাজ্যিক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও জাধৱে পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত প্ৰতাপৰাও জাধৱে বুধবাৰে উল্লেখ কৰিছে যে সশস্ত্ৰ বাহিনীৰ আধুনিক চিকিৎসা ব্যৱস্থা শক্তিশালী, কিন্তু আয়ুৰ্বেদ, যোগ, ইউনানি, সিদ্ধ, আৰু হোমিঅ’পেথীৰ দৰে পৰম্পৰাগত চিকিৎসা ব্যৱস্থা অন্তৰ্ভুক্ত কৰিলে সৈনিকসকলে প্ৰতিৰোধমূলক, প্ৰচাৰমূলক, আৰু সামগ্ৰিক স্বাস্থ্যসেৱাৰ অধিক সুবিধা লাভ কৰিব পাৰিব।

তেওঁ কয় যে বৰ্তমান সময়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত থকা কেইটামান প্ৰতিষ্ঠানতহে আয়ুছৰ সুবিধা উপলব্ধ, আনহাতে বেছিভাগ সামৰিক আৰু ক্ষেত্ৰ চিকিৎসালয়তে এনে সেৱাৰ অভাৱ। তেওঁৰ মতে, আয়ুছ সেৱা সম্প্ৰসাৰণে জোৱানসকলে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, জীৱনশৈলী ব্যৱস্থাপনা, পুনৰ্বাসন, আৰু সামগ্ৰিক স্বাস্থ্যসেৱা অধিক ফলপ্ৰসূভাৱে লাভ কৰিবলৈ সক্ষম কৰিব।

প্রতাপৰাও জাধৱে প্রতিৰক্ষা মন্ত্র্যালয়ক এই প্রস্তাৱ বিবেচনা কৰিবলৈ আহবান জনায়৷ ইয়াৰ উপৰিও আয়ুছ মন্ত্ৰালয়ে ইয়াৰ ৰূপায়ণৰ বাবে কাৰিকৰী সহায়, বিশেষজ্ঞৰ নিৰ্দেশনা, প্ৰতিষ্ঠানিক সহায়, আৰু প্ৰয়োজন হ’লে বুজাবুজিৰ স্মাৰকপত্ৰ (এম অ’ ইউ) আগবঢ়াইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande