
বিধু বিনোদ চোপ্ৰা ফিল্মছ আৰু এন এইচ ষ্টুডিঅ’ই ভাৰতীয় চিনেমাৰ ক্লাছিক ছবিসমূহ নতুন প্ৰযুক্তি আৰু উচ্চমানৰ দৰ্শকৰ মাজলৈ লৈ যোৱাৰ বাবে দীৰ্ঘম্যাদী বিশ্বব্যাপী অধিকাৰ অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই চুক্তিৰ অধীনত বিধু বিনোদ চোপ্ৰা ফিল্মছৰ সমগ্ৰ ফিল্ম লাইব্ৰেৰী ৮কে ৰিজ’লিউচনত পুনৰুদ্ধাৰ কৰি ডলবি ৫.১ চাৰউণ্ড চাউণ্ডৰ সৈতে পুনৰ নিৰ্মাণ কৰা হৈছে। এই অভিলাষী প্ৰকল্পটো সম্পূৰ্ণ হ’বলৈ পাঁচ বছৰতকৈও অধিক সময় লাগিছিল। মুম্বাইৰ প্ৰসাদ ফিল্ম লেব আৰু ইটালীৰ ব’ল’গনাৰ ল’ইমাজিন ৰিট্ৰ’ভাটা ষ্টুডিঅ’ত ছবিকেইখনৰ পুনৰুদ্ধাৰ কৰা হয়। মন কৰিবলগীয়া যে ২০২৬ চনৰ আৰম্ভণিৰ পৰাই এই ছবিসমূহ কোনো প্লেটফৰ্মতে উপলব্ধ নাছিল।
এই অংশীদাৰিত্বৰ অধীনত এতিয়া এন এইচ ষ্টুডিঅ’ই “পৰিন্দা”, “১৯৪২: এ লাভ ষ্ট’ৰী”, “কৰিব”, “মিছন কাশ্মীৰ”, “মুন্নাভাই এম.বি.বি.এছ.”, “পৰিনীতা”, “লাগে ৰাহো মুন্নাভাই”, “এক্লাব্য: দ্য ৰয়েল গাৰ্ড”, “৩ ইডিয়টছ”, “ফেৰাৰী কি সাৱাৰী”, “ব্ৰকেন”ৰ দৰে প্ৰশংসিত ছবিৰ বিশ্বব্যাপী অধিকাৰ পৰিচালনা কৰিব ঘোঁৰা, ৱাজিৰ, এক লাডকি কো দেখা তোহ আইছা লগা, আৰু শিকাৰা। কোম্পানীটোৱে প্ৰথমে এই ছবিসমূহ ছবিগৃহত পুনৰ মুক্তি দিব আৰু তাৰ পিছত টেলিভিছন, অ’টিটি প্লেটফৰ্ম, ফাষ্ট চেনেল, আৰু অন্যান্য ডিজিটেল প্লেটফৰ্মত উপলব্ধ কৰিব। এই চুক্তিৰ জৰিয়তে এন এইচ ষ্টুডিঅ’ৰ চলচ্চিত্ৰ পুথিভঁৰাল ৫ হাজাৰৰো অধিক ছবিলৈ বৃদ্ধি পাইছে।
এন এইচ ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাপক নহৰেন্দ্ৰ হীৰাৱাটে কয় যে বিধু বিনোদ চোপ্ৰাৰ ছবিসমূহ ভাৰতীয় চিনেমাৰ অমূল্য সম্পদ, আৰু উচ্চতম কাৰিকৰী মানদণ্ডৰে নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয়। ইফালে বিধু বিনোদ চোপ্ৰাই কয় যে সময়ৰ লগে লগে তেওঁৰ ছবিসমূহ প্ৰাসংগিক কৰি ৰখাটো তেওঁৰ সদায় অগ্ৰাধিকাৰ। তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে ৮কে পুনৰুদ্ধাৰ আৰু অত্যাধুনিক শব্দৰ দ্বাৰা দৰ্শকে এই কালজয়ী ছবিসমূহ পূৰ্বতকৈ উন্নত চিনেমাৰ অভিজ্ঞতাত অনুভৱ কৰিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ