ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ গুৰু পূৰ্ণিমাৰ পূৰ্বে প্ৰেমানন্দ মহাৰাজক সাক্ষাৎ
মথুৰা, ২২ জুলাই (হি.স.)। গুৰু পূৰ্ণিমাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই বুধবাৰে মথুৰাত উপস্থিত হৈ সন্ত প্ৰেমানন্দক সেৱা জনায়। যমুনা নদীৰ সিপাৰে যমুনা কুঞ্জ আশ্ৰমত নিৰ্জনতাত থকা সন্ত প্ৰেমানন্দক সেৱা জনাই বিৰাট
दर्शन के लिए जाते हुए विराट अैार अनुष्का


মথুৰা, ২২ জুলাই (হি.স.)। গুৰু পূৰ্ণিমাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাই বুধবাৰে মথুৰাত উপস্থিত হৈ সন্ত প্ৰেমানন্দক সেৱা জনায়। যমুনা নদীৰ সিপাৰে যমুনা কুঞ্জ আশ্ৰমত নিৰ্জনতাত থকা সন্ত প্ৰেমানন্দক সেৱা জনাই বিৰাট আৰু অনুষ্কাই প্ৰাৰ্থনা কৰে।

অহা ২৯ জুলাইত গুৰু পূৰ্ণিমাৰ পবিত্ৰ উৎসৱ উদযাপন কৰা হ'ব । ইতিমধ্যে বৃন্দাবনত আৰম্ভ হৈছে গুৰু পূৰ্ণিমা উৎসৱ । এই উপলক্ষে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা নিজৰ গুৰুৰ আশীৰ্বাদ বিচাৰি আজি মথুৰাত উপস্থিত হয় । তেওঁলোকৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে বিৰাট কোহলীক বাদামী ৰঙৰ চাৰ্ট আৰু বগা পেণ্ট পিন্ধি থকাৰ বিপৰীতে অনুষ্কা শৰ্মাক বগা আৰু নীলা ৰঙৰ চুট পিন্ধি দেখা গৈছে।

উল্লেখযোগ্য যে বিগত কেইবছৰমানৰ পৰা বিৰাট কোহলীয়ে সময়ে সময়ে বৃন্দাবন ভ্ৰমণ কৰি সন্ত প্ৰেমানন্দ জী মহাৰাজৰ আশ্ৰম ভ্ৰমণ কৰি আহিছে । টি-২০ বিশ্বকাপ, আই পি এল খিতাপ, আৰু বহু গুৰুত্বপূৰ্ণ ক্ৰিকেট শৃংখলাৰ পূৰ্বে বা পিছত আশীৰ্বাদ বিচাৰি ইয়ালৈ আহিছে। বিৰাট আৰু অনুষ্কাই আধ্যাত্মিক জীৱনক অতি গুৰুত্ব দিয়ে আৰু তেওঁলোকৰ গুৰুৰ পৰা পথ প্ৰদৰ্শন লয় বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ ধৰ্মীয় বিশ্বাস আৰু সৰলতা প্ৰায়ে অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰে ।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande