
তেহৰাণ/ৱাশ্বিংটন, ২২ জুলাই (হি.স.)। আমেৰিকাই একেৰাহে ১১ সংখ্যক নিশা ইৰাণৰ সামৰিক ঘাটিত বোমা বৰ্ষণ কৰিছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (চেণ্টক'ম) জনোৱা মতে, হৰমুজ জলদ্বীপত ইৰাণৰ বণিক জাহাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ ক্ষমতা দুৰ্বল কৰাৰ লক্ষ্যৰে এই আক্ৰমণ চলোৱা হৈছে। চেণ্টকমে এক্সত লিখিছে, আজি স্থানীয় সময় অনুসৰি (পূব সময় অনুসৰি) সন্ধিয়া ৭ বজাত আমি ইৰাণৰ সামৰিক ঘাটিত আক্ৰমণ চলালোঁ। এইটো একেৰাহে ১১ সংখ্যক নিশা।
চিএনএন, আল জাজীৰা, এবিচি নিউজ, চিবিএছ নিউজৰ বাতৰি অনুসৰি ইৰাণে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যাশাত ৰাজধানী তেহৰাণৰ কেইবাটাও অঞ্চলত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে। ইৰাণৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক আই আৰ আই বিৰ মতে তেহৰাণৰ পশ্চিম, পূব আৰু উত্তৰ-পূব অঞ্চলত বিস্ফোৰণৰ শব্দ শুনা গৈছিল। চেণ্টকমে কয় যে, যোৱা তিনিমাহত ইৰাণে আঞ্চলিক আৰু বিশ্ব বাণিজ্যৰ বাবে অতি প্ৰয়োজনীয় আন্তঃৰাষ্ট্ৰীয় জলপথৰ মাজেৰে পাৰ হৈ যোৱা ৩০খনতকৈও অধিক বাণিজ্যিক জাহাজক আক্ৰমণ কৰিছে। এই অপ্ৰৰোচিত আক্ৰমণে শ শ নিৰীহ নাৱিকৰ জীৱন বিপন্ন কৰিছে আৰু যাতায়তৰ স্বাধীনতাক ক্ষতিগ্ৰস্ত কৰিছে।
ইফালে কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেইখ মহম্মদ বিন আব্দুল ৰহমান বিন জাছিম আল থানীয়ে ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰী ফৈছাল বিন ফাৰহান বিন আব্দুল্লা আল ছাউদৰ সৈতে টেলিফোনযোগে কথা পাতিছিল বুলি জানিব পৰা গৈছে। কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ লগতে উত্তেজনা হ্ৰাস, আঞ্চলিক নিৰাপত্তা আৰু স্থিতিশীলতা শক্তিশালী কৰাৰ বাবে সমন্বয় বৃদ্ধিৰ বিষয়ে আলোচনা কৰে। শ্বেখ মহম্মদে জোৰ দি কয় যে সকলো পক্ষই কূটনীতিৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগে আৰু আমেৰিকা আৰু ইৰাণৰ মাজত বুজাবুজিৰ চুক্তিত চুক্তিবদ্ধ হোৱা বিধানসমূহ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব লাগে। আমেৰিকাৰ চেনেটত প্ৰতিধ্বনিত হৈছে আমেৰিকা-ইৰাণৰ যুদ্ধ। ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান আৰু ইয়াৰ ব্যয় সন্দৰ্ভত কংগ্ৰেছৰ শুনানিৰ সময়ত যুদ্ধ সচিব পিট হেগছেথে বিৰোধীৰ চোকা প্ৰশ্নৰ সন্মুখীন হয়।
তাৎপৰ্যপূৰ্ণভাৱে ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে ঐক্যবদ্ধভাৱে আক্ৰমণ চলাইছিল। ইৰাণৰ উচ্চতম নেতা আলী খামেনেই, তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্য, আৰু জ্যেষ্ঠ সেনাধ্যক্ষক প্ৰথম দিনাই নিহত হয়। ইফালে মিলন ঘটাবলৈ চেষ্টা কৰা হ’ল। জুন মাহত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধি দলৰ মাজত আলোচনা আৰম্ভ হয় আৰু যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পিছতো আমেৰিকা আৰু ইৰাণৰ মাজত আক্ৰমণ অব্যাহত আছিল। তেতিয়াৰ পৰাই হৰমুজ জলদ্বীপ উত্তেজনাৰ প্ৰধান উৎস হৈ আহিছে।
যোৱা সপ্তাহত জৰ্ডানৰ বিমান ঘাটিত আক্ৰমণত নিহত তৃতীয়জন জোৱানক চিনাক্ত কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনে। প্ৰতিৰক্ষা বিভাগে এক বিবৃতিত কয় যে, ১৭ জুলাইত জৰ্ডানৰ মুৱাফাক ছালটি বায়ুসেনা ঘাটিত ইৰাণৰ আক্ৰমণৰ সময়ত নিউয়ৰ্কৰ অ'জন পাৰ্কৰ চাৰ্জেণ্ট এঞ্জেল এছ ৰামপাৰছাদৰ (২৮) মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। এই কাণ্ডৰ তদন্ত চলি আছে। ইয়াৰ পূৰ্বে চেণ্টকমে জোৱানজনক নিৰুদ্দেশ বুলি তালিকাভুক্ত কৰিছিল। বিভাগটোৱে জনোৱা মতে, এই আক্ৰমণত টেক্সাছৰ কেৰলটনৰ ১৯ বছৰীয়া ইছাবেলা গনজালেছ আৰু হাৱাইৰ ইৱা বিচৰ ২৫ বছৰীয়া ফাৰ্ষ্ট লেফটেনেণ্ট টাইলাৰ ফিহানৰ মৃত্যু হয়।
ইৰাকত নিহত এজন সেৱাৰ সদস্যকো চিনাক্ত কৰিছে প্ৰতিৰক্ষা বিভাগে। ইয়াৰ ফলত যুদ্ধ আৰম্ভ হোৱাৰ পিছত আমেৰিকাৰ সেৱাৰ সদস্যৰ মুঠ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে।আমেৰিকাৰ বিষয়াসকলে জনোৱা মতে, চলিত মাহত ইৰাণৰ আক্ৰমণত প্ৰায় ১০০ জন আমেৰিকান সেৱাৰ সদস্য আহত হৈছে। শেহতীয়াকৈ ইৰাণৰ আক্ৰমণত নিহত আমেৰিকাৰ সেৱাৰ সদস্যসকলৰ বাবে বুধবাৰে অনুষ্ঠিত হ’বলগীয়া মৰ্যাদাপূৰ্ণ হস্তান্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ডেলাৱেৰৰ ড’ভাৰ বায়ুসেনা ঘাটিত পুৱা ১১ বজাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
ইফালে ইৰাণো সম্পূৰ্ণ আগ্ৰাসী। কুৱেইটে কয় যে ইৰাণৰ ড্ৰ’ন আক্ৰমণৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰি আছে, আৰু তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই আক্ৰমণক বাধা দিছে। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ফাৰ্ছে জনোৱা মতে, আমেৰিকাৰ সৈন্য নিয়োজিত কুৱেইটৰ আলী আল চেলেম ঘাটিটোক লক্ষ্য কৰি লোৱা হৈছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ