
যোৰহাট, ২২ জুলাই (হি.স.)। প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতিসাধন কৰিলে চিকেবি মহাবিদ্যালয়ৰ সম্পত্তিৰ। বানে বিধ্বস্ত কৰি থৈ গ'ল পূৱ যোৰহাটৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক ক।
প্ৰায় ১৫ লাখ টকাৰ সা-সম্পত্তিৰ লগতে প্ৰায় চাৰি হাজাৰ গ্ৰন্থ নষ্ট হ'ল এই বানত। তিনিখনকৈ পকী বেৰা ভাঙি লৈ গ'ল বাঢ়নী পানীৰ কোবাল সোঁতে। গুৰুত্বপূৰ্ণ নথিপত্ৰ, কম্পিউটাৰ আদি সকলো অচল হৈ পৰিল মহাবিদ্যালয়খনত। উল্লেখযোগ্য যে নিশাটোৰ ভিতৰত হঠাতে অহা প্ৰলয়ংকাৰী বানে মহাবিদ্যালয় খনৰ আই কিউ চেন্টাৰৰ আচবাবকে ধৰি কেইবাটাও কম্পিউটাৰ, মহাবিদ্যালয়খনত থকা কেইবাটাও ইনভাৰ্টাৰ, পানী তোলা মটৰৰ লগতে মহাবিদ্যালয়খনৰ চৌহদত থকা হোষ্টেল সমূহত পানী সোমোৱাত আৱাসিক সকলৰ লগতে হোষ্টেল ৱাৰ্ডেনৰ কক্ষৰ বহু মূল্যবান সামগ্ৰী নষ্ট হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা