প্রধানমন্ত্রীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্রতিবাদক, বিজেপি অসম প্রদেশৰ তীব্ৰ গৰিহণা
গুৱাহাটী, ২২ জুলাই (হি.স.)। ভাৰতীয় জনতা পার্টি, অসম প্রদেশে,কংগ্ৰেছৰ নেতাসকল ক্রমে ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী ভদ্ৰাৰ নেতৃত্বত প্রধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কালি অনুষ্ঠিত হোৱা প্রতিবাদক তীব্র ভাষাৰে গৰিহণা জনাইছে।বিজেপি, অসম প্রদেশে ইয়াক গণতা
গুৱাহাটীত ৰাজ্য়িক বিজেপিৰ প্ৰতিবাদ


গুৱাহাটী, ২২ জুলাই (হি.স.)। ভাৰতীয় জনতা পার্টি, অসম প্রদেশে,কংগ্ৰেছৰ নেতাসকল ক্রমে ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী ভদ্ৰাৰ নেতৃত্বত প্রধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কালি অনুষ্ঠিত হোৱা প্রতিবাদক তীব্র ভাষাৰে গৰিহণা জনাইছে।বিজেপি, অসম প্রদেশে ইয়াক গণতান্ত্রিক আলোচনাৰ প্রতি গঠনমূলকভাবে অৱদান আগবঢ়োৱাৰ পৰিৱর্তে এক সংবেদনশীল বিষয়কো কংগ্রেছ দলে ৰাজনৈতিককৰণ কৰাৰ প্রয়াস কৰা বুলি অভিহিত কৰিছে।

ৰাহুল গান্ধীয়ে চৰকাৰ সলনি কৰাৰ আহ্বান জনোৱা আৰু বাংলাদেশ, শ্রীলংকা তথা নেপালৰ দৰে পৰিস্থিতি সৃষ্টি কৰা কথাবোৰ প্রচাৰকৰি দেশৰ যুৱক-যুৱতীক বাৰে বাৰে বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই আহিছে। তেওঁ জনতাৰ এটা সমদলক লৈ প্রধানমন্ত্ৰীৰ বাসভৱনলৈ যোৱাৰ কার্য অগণতান্ত্রিক আৰু অত্যন্ত দায়িত্বজ্ঞানহীন আছিল। এই প্রতিবাদত সুৰক্ষিত অঞ্চলত প্রৱেশ কৰা বা প্রৱেশৰ চেষ্টা চলোৱা হৈছিল, য'ত অংশগ্রহণকাৰীসকলে সম্পূর্ণৰূপে অৱগত আছিল যে এনে কার্যৰ ফলত তেওঁলোকক আটক কৰা হ'ব পাৰে।

এই কার্যৰ প্রতিবাদ স্বৰূপে, ভাৰতীয় জনতা পার্টি,অসম প্রদেশে,কংগ্রেছ দলৰ নেতৃত্বক ৰাষ্ট্ৰীয় বিষয়সমূহক ৰাজনৈতিকৰণ কৰাৰ প্রয়াস আৰু গণতান্ত্রিক অনুষ্ঠানসমূহৰ মর্যাদা ভূলষ্ঠিত কৰাৰ প্রচেষ্টাক গৰিহণা জনাই আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক প্রতিবাদী কার্যসূচী পালন কৰে।

ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী ভদ্ৰাৰ এনে কাৰ্যৰ প্রতি তীব্র বিৰোধিতা কৰিবলৈ বিজেপিৰ নেতাসকল, নির্বাচিত প্রতিনিধিসকল, কার্যকর্তা আৰু সমর্থকসকলে এই প্রতিবাদত অংশগ্রহণ কৰি জনায় যে এই প্রতিবাদে দায়িত্বশীল গণতান্ত্রিক আচৰণ তথা জনসাধাৰণৰ গুৰুত্বপূর্ণবিষয়সমূহ গঠনমূলক আলোচনাৰ আৰু সংসদীয় ব্যৱস্থাৰ জৰিয়তে সমাধান কৰাৰ বিপৰীতে আন্দোলন কৰিকংগ্ৰেছ দলে গণতান্ত্রিক ব্যৱস্থাটোকে ভেডুচালি কৰিব বিচাৰিছে।

বিজেপি, অসম প্রদেশেবিশ্বাস কৰে যে, ৰাষ্ট্ৰীয় গুৰুত্বপূর্ণ বিষয়সমূহৰ ওপৰত অৰ্থপূর্ণ আলোচনাৰবাবে সংসদেই হৈছে উপযুক্ত মঞ্চ আৰু ৰাজনৈতিক মতবিৰোধসমূহ সংবিধানসম্মত তথা গণতান্ত্রিক প্রক্রিয়াৰ জবিয়তে সমাধান কৰা উচিত। দলটোৰে গুৰুত্ব আৰোপ কৰি কয় যে সংবিধানৰ নামত শপত গ্রহণ কৰা জনপ্রতিনিধিসকলে সংযম প্রদর্শন, গণতান্ত্রিক অনুষ্ঠানসমূহৰ মৰ্যাদা অক্ষুণ্ণ ৰখাআৰু ৰাজনৈতিক সংঘাতৰ সলনি গঠনমূলক আলোচনাক অগ্রাধিকাৰ দিয়াটো সকলোৰে দায়িত্ব থকা উচিত।

অসম চৰকাৰৰ কেবিনেট মন্ত্রী ক্রমে পিযুষ হাজৰিকা, অশোক সিংঘল, নীলিমা দেবী, বিশ্বজিৎ দৈমাৰী, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আদিয়ে অংশগ্রহণ কৰা প্রতিবাদী সভাত দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ক্রমে ভৱেশ কলিতা, প্রশান্ত ফুকন, ৰাজদ্বীপ ৰয়ে বক্তব্য ৰাখি কয় যে, শান্তিপূর্ণ প্রতিবাদ এক মৌলিক গণতান্ত্রিক অধিকাৰ হ'লেও, ইয়াক শাসন ব্যৱস্থা আৰু জনসাধাৰণৰ স্বাৰ্থত ৰাজনৈতিক তামাচা সৃষ্টি কৰিবলৈ বা দলীয় স্বাৰ্থৰ প্রচাৰ কৰিবলৈ ব্যৱহাৰ কৰা মঞ্চ নহয়। দলটোৱে সকলো ৰাজনৈতিক দলকে সাংবিধানিক নিয়ম, আইন শৃংখলা আৰু আইনৰ শাসনক সম্মান জনাই ৰাষ্ট্রীয় প্রগতিলৈ অৱদান আগবঢ়োৱা তথ্যভিত্তিক বিষয়সমূহক যুক্তিসংগতভাৱে আলোচনাত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande