
- পুৰুষৰ দলে পাকিস্তানক ৭-৪ গ’লত পৰাস্ত কৰে
মাস্কাট (ওমান), ২২ জুলাই (হি.স.)। ভাৰতীয় চাব জুনিয়ৰ পুৰুষ আৰু মহিলা দলে এফ আই এইচ ইউথ হকী ৫এছ এছিয়ান চেম্পিয়নশ্বিপ ২০২৬ত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখিছে । মঙলবাৰে এলিট পুলৰ মেচত পুৰুষৰ দলটোৱে আয়োজক ওমান আৰু প্ৰচণ্ড প্ৰতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলটোৱে উজবেকিস্তানক একপক্ষীয়ভাৱে পৰাস্ত কৰাৰ পূৰ্বে চীনৰ সৈতে ড্র কৰিছিল ।
ভাৰতীয় ছাব জুনিয়ৰ পুৰুষৰ দলটোৱে পাকিস্তানক ৭-৪ গ’লত পৰাস্ত কৰি ৰোমাঞ্চকৰ খেলত জয়লাভ কৰে। ভাৰতৰ হৈ কৰণ গৌতমে ৫, ৯, ১৯ মিনিটত গ’ল দি হেট্ৰিক অৰ্জন কৰে। ৰাহুল যাদৱ (৩'), প্ৰহ্লাদ ৰাজভৰ (১০'), অধিনায়ক কেতন কুশৱাহা (১১'), আৰু ৰোমিত পালে (১১') এটাকৈ গ'ল দিয়ে।
পাকিস্তানৰ হৈ আছলাম মহম্মদ ফাৰহানে (৬’), আদীলে (৮’), আৰু উছমান মহম্মদে (১০’, ১৬’) গ’ল দিয়ে।
ইয়াৰ পূৰ্বে ভাৰতীয় পুৰুষ দলটোৱে আয়োজক দল ওমানক ১৪-০ গ’লত পৰাস্ত কৰিছিল। অধিনায়ক কেতন কুশৱাহাই চাৰিটা গ’ল (৬’, ১১’, ১৫’, ২০’), আনহাতে আশীষ তানি পুৰ্টিয়ে হেট্ৰিক (১’, ১৬’, ১৯’) কৰে। ৰাহুল যাদৱ (২', ১২') আৰু শ্বাহৰুখ আলীয়ে (৩', ১৩') দুটাকৈ গ'ল দিয়ে। প্ৰহ্লাদ ৰাজভাৰ (৯'), কৰণ গৌতম (১৫'), আৰু ৰোমিত পালে (১৮')ও ভাৰতৰ এই বৃহৎ জয়ত অৰিহণা যোগাইছিল।
ইফালে ভাৰতীয় ছাব জুনিয়ৰ মহিলা দলটোৱে দ্বিতীয়খন এলিট পুলৰ মেচত চীনৰ সৈতে ২-২ গ’লত ড্ৰ’ কৰে। চতুৰ্থ মিনিটত চীনক অগ্ৰগতি প্ৰদান কৰে চেন গে। ইয়াৰ পাছতে ১৬ আৰু ১৭ মিনিটত নৌছিন নাজে একেৰাহে দুটা গ’ল দি ভাৰতক অগ্ৰগতি প্ৰদান কৰে। অৱশ্যে ১৯ মিনিটত জিয়াচিন গুওৱে সমতা স্থাপন কৰি ড্ৰ’ কৰিবলৈ বাধ্য কৰে।
দিনটোৰ দ্বিতীয়খন খেলত ভাৰতীয় মহিলা দলে উজবেকিস্তানক ১৬-০ গ’লত পৰাস্ত কৰে। নৌশীন নাজে ৪টা গ’ল (৬’, ৯’, ১৫’, ১৬’), সন্দীপা কুমাৰী (২’, ৬’, ২০’) আৰু অধিনায়ক ছুইটি কুজুৰে (১০’, ১৩’, ২০’) হেট্ৰিক সংগ্ৰহ কৰে। দিয়া (৩', ১৭') আৰু পুষ্পা মাঝিয়ে (১১', ১৩') দুটাকৈ গ'ল দিয়ে। কিৰণ এক্কা (৮’) আৰু নীলম টপ্নো (১৮’)য়েও গ’ল দিয়ে।
এই প্ৰতিযোগিতাখনেই হৈছে উদ্বোধনী এফ আই এইচ ১৮ বছৰ অনুৰ্ধ যুৱ হকী ৫ছ বিশ্বকাপৰ বাবে এছিয়ান কোৱালিফায়াৰ। ভাৰতীয় পুৰুষ আৰু মহিলা দুয়োটা দলেই এই পৰ্যন্ত প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছে আৰু বিশ্বকাপ বাৰ্থৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে দেখা গৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ