
গ্লাছগো, ২২ জুলাই (হি.স.): কমনৱেলথ গেমছ ২০২৬ৰ প্ৰথম দিন ২৩ জুলাইত ভাৰতীয় লন বাউল দলে দুখন খেল খেলিব। পুৰুষৰ একক শাখাত ভাৰতৰ পুতুল সোণোৱালে কানাডাৰ প্ৰবীণ বিশ্ব চেম্পিয়ন ৰিয়ান বেষ্টাৰৰ মুখামুখি হ’ব, আনহাতে মহিলাৰ ডাবলছত পিংকি আৰু ৰূপা ৰাণী তিৰ্কীৰ যুটিয়ে মাল্টাক প্ৰত্যাহ্বান জনাব।
পুৰুষৰ একক ছেকচনেল খেলত বিশ্ব ৰেংকিং ২১ বছৰীয়া পুতুল সোণোৱালে বিশ্ব বাউলছ হল অৱ ফেমৰ অন্তৰ্ভুক্ত আৰু বৰ্তমানৰ বিশ্ব চেম্পিয়ন ৰিয়ান বেষ্টাৰৰ বিৰুদ্ধে খেলিব। স্কটিছ ইভেণ্টছ কেম্পাছ (এছ ই চি)ত সন্ধিয়া ৬:১৫ বজাত আই এছ টিত অনুষ্ঠিত হ’ব এই খেলখন।
মহিলা ডাবলছত ৫৭ নম্বৰ স্থানৰ পিংকি আৰু ৪৭ নম্বৰ স্থানৰ ৰূপা ৰাণী তিৰ্কিৰ যুটিয়ে ছেকচনেল প্লে’ত মাল্টাৰ কনি ৰিক্সন আৰু ৰেবেকা ৰিক্সনৰ বিৰুদ্ধে খেলিব। এই মেচখন ভাৰতীয় সময়মতে বিয়লি ৪:৫০ বজাত অনুষ্ঠিত হ'ব।
দুয়োখন মেচৰ লাইভ সম্প্ৰচাৰ আৰু লাইভ ষ্ট্ৰীমিং ছনিলিভ (SonyLIV)ত উপলব্ধ হ’ব। এই দুখন ইভেণ্টত পদকৰ বাজি নাই যদিও এই মেচসমূহ ভাৰতীয় খেলুৱৈসকলৰ বাবে পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ি যোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া