
চাংঝৌ, ২২ জুলাই (হি.স.)। চীন অ’পেন ২০২৬ত ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে বুধবাৰে স্বদেশৰ উন্নতি হুডাক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেল (লাষ্ট ১৬)লৈ আগবাঢ়ি যায়। পুৰুষৰ একক শাখাত যুৱক আয়ুষ শ্বেট্টীয়ে বিশ্বৰ ১১ নম্বৰ ইণ্ডোনেছিয়াৰ আলভি ফাৰহানক পৰাস্ত কৰি বৃহত ওলট পালট কৰে।
শেহতীয়াকৈ জাপান অ’পেনৰ খিতাপ দখল কৰা বিশ্বৰ ১৫ নং খেলুৱৈ সিন্ধুৱে উন্নতি হুডাক ২১-১৪, ৯-২১, ২১-১০ ব্যৱধানত পৰাস্ত কৰে। মেচখনৰ দ্বিতীয়খন খেলত পিছ পৰি থকাৰ পাছতে সিন্ধুৱে উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰি সহজেই নিৰ্ণায়ক খেলখনত জয়লাভ কৰে।
প্ৰথম ৰাউণ্ডত জাপানৰ নাটছুকি নিদাইৰাক পৰাস্ত কৰা চিণ্ডুৱে এতিয়া লাষ্ট ১৬ত আয়োজক চীনৰ চতুৰ্থ ছিড চেন ইউ ফেইৰ বিৰুদ্ধে খেলিব।
পুৰুষৰ একক শাখাত ভাৰতৰ আয়ুষ শ্বেট্টীয়ে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়, ইণ্ডোনেছিয়াৰ বিশ্বৰ ১১ নম্বৰ আলভি ফাৰহানক ২১-১৭, ৫-২১, ২১-১৭ ব্যৱধান পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰে।এই জয় শ্বেটীৰ বাবে বিশেষ আছিল, কিয়নো ২০২৩ চনৰ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত একেজন খেলুৱৈৰ হাতত পৰাস্ত হৈছিল।
অৱশ্যে ডাবলছ ইভেণ্টত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শন হতাশাজনক আছিল। মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋতুকা শিবানী গাড্ডেৰ যুটিয়ে শীৰ্ষস্থানীয় য়ান ঝে ফেং আৰু চীনৰ ডং পিং হুয়াঙক ২১-৯, ২১-১৬ ব্যৱধান পৰাস্ত কৰে।
আন এখন মিক্সড ডাবলছ মেচত ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টোক চীনৰ ছিন ৱা গুও আৰু ফাং হুই চেনে ২১-১৮, ২১-১৮ ব্যৱধান পোনপটীয়া খেলত পৰাস্ত কৰে।
পুৰুষৰ ডাবলছত চতুৰ্থ ছিড ৱেই কেং লিয়াং আৰু চাং ৱাঙৰ বিৰুদ্ধেও এম.আৰ অৰ্জুন আৰু হৰিহৰণ আমছাকৰুনানৰ যুটিয়ে পৰাস্ত হয়।
ইফালে ভাৰতৰ শীৰ্ষ ছিড পুৰুষ একক খেলুৱৈ লক্ষ্য সেনে দিনৰ শেষৰ ফালে বিশ্বৰ ১৯ নং জাপানৰ যুছি তানাকাৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ মেচ খেলিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া