
গোলাঘাট, ২২ জুলাই (হি.স.)। প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধাৰণ কৰিছে দেৰগাঁৱত, গেলাবিল নদীৰ জলস্তৰ বৃদ্ধিত জলমগ্ন ২০খন গাঁও।
অবিৰত বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে দেৰগাঁৱৰ বান পৰিস্থিতি অৱনতি ঘটিছে। মঙ্গলবাৰে নিশাৰ পৰা গেলাবিল নদীৰ বাঢ়নী পানীয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰি দেৰগাঁও অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। নদীখনৰ পানীয়ে সৃষ্টি কৰা এই কৃত্ৰিম বানে ইতিমধ্যে কাষৰীয়া ২০খনৰো অধিক গাঁৱক জলমগ্ন কৰি তুলিছে।
জানিব পৰা মতে, বিশেষকৈ ধেমাজি কৈৱৰ্ত্ত গাঁও, আমনি পাম, দিঘলীপাম, কছাৰীপাম, হাঁহচোৱা, মামৰনি আৰু ২নং দক্ষিণ দলিজলীয়া আদি অঞ্চলৰ ৰাইজ এতিয়া পানীৰ মাজত আৱদ্ধ হৈ পৰিছে। বানৰ কবলত পৰাৰ ফলত স্থানীয় কৃষকসকলৰ পথাৰৰ শালি ধানৰ লগতে বিভিন্ন ৰবি শস্যৰ বিস্তৰ ক্ষতিসাধন হৈছে। পথাৰসমূহ পানীৰ তলত সোমোৱাৰ ফলত পশুধনৰ বাবেও খাদ্যৰ চৰম অভাৱ দেখা দিছে।
ইফালে, বাঢ়নী পানীৰ প্ৰৱল সোঁত আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা জলস্তৰক লৈ অঞ্চলবাসীৰ মাজত তীব্ৰ আতংক বিয়পি পৰিছে। নদীৰ জলস্তৰ যদি এনেদৰে বৃদ্ধি পাই থাকে, তেন্তে অদূৰ ভৱিষ্যতে পানী গৈ দেৰগাঁও সামূহিক চিকিৎসালয়ৰ চৌহদতো সোমাব পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় ৰাইজে।
জৰুৰীকালীন অৱস্থাক লৈ শংকিত হৈ পৰা ৰাইজে অতি শীঘ্ৰে স্থানীয় জনপ্ৰতিনিধিৰ লগতে প্ৰশাসনক এই ক্ষেত্ৰত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বানাক্ৰান্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰী প্ৰশাসনৰ সক্ৰিয় ভূমিকা বিচাৰিছে ভুক্তভোগী ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু