
বৰপেটা, ২২ জুলাই (হি.স.)। পুনৰ বজালীৰ মদনমোহন গোঁসাই থান সত্ৰত চুৰিকাৰ্য ।
এমাহ নৌহওঁতেই পুনৰ চুৰি কাণ্ড সংঘটিত হ'ল ঐতিহাসিক সত্ৰ খনত।চোৰে সত্ৰৰ দান পাত্ৰ ভাঙি নগদ ধন লুটি দান পাত্ৰ পেলাই থৈ গ'ল সত্ৰ চৌহদত।লগতে ভাঙিলে সত্ৰখনৰ কেইবাটাও কোঠাৰ তলা।ইফালে চুৰি কাণ্ড সংঘটিত কৰি চোৰে এৰি থৈ গ'ল এডাল প্লিয়াৰ্ছ। এই চুৰিৰ ঘটনা সন্দৰ্ভত বজালী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ঘনে ঘনে চুৰিকাৰ্য সংঘটিত হোৱাক লৈ নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষীক আহ্বান সত্ৰ পৰিচালনা সমিতিৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ