
ওদালগুৰি, ২২ জুলাই (হি.স.)। আগন্তুক ২৯ জুলাইত ৰৌতাত অনুষ্ঠিত হ'ব আক্ৰাছুৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। ৰৌতাৰ ৮ নং ধনশ্রী লক্ষ্মী মন্দিৰ প্রাংগণত অনুষ্ঠিত হব কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি। প্রস্তুতিৰ বুজ ল'বলৈ উপস্থিত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বলোৰাম বর্মন ।
প্রায় ৫০ হাজাৰ লোকৰ সমাগমৰ লক্ষৰে আয়োজন কৰা হৈছে অনুষ্ঠানটি । ইতিমধ্যে অনুষ্ঠানক লৈ জোৰদাৰ গতিৰে চলিছে পেণ্ডেল নিৰ্মাণৰ কাম । প্রতিষ্ঠা দিৱসত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্রায় ১০ গৰাকী নির্বাচিত বিধায়ক । বিটিচি ৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰী, মন্ত্রী চৰণ বড়ো, মন্ত্রী নিলিমা দেবীও উপস্থিত থাকিব অনুষ্ঠানত | । প্রতিষ্ঠা দিৱসক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৯ দিনীয়া কোচ ৰাজবংশী লোকনৃত্য কৰ্মশালাৰ | জিলাখনৰ প্রায় ১০০০ নৃত্যশিল্পীয়ে একেলগে প্রতিষ্ঠা দিৱসৰ দিনটোত পৰিৱেশন কৰিব অনুষ্ঠান।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু