
গোলাঘাট, ২২ জুলাই (হি.স.)। গোলাঘাট জিলাৰ আঠখেলীয়াৰ বিভিন্ন অঞ্চলত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বহু লোকৰ ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে জলমগ্ন হোৱাত নিজৰ ঘৰ এৰি ৰাজপথ আৰু ওখ স্থানত আশ্ৰয় ল'বলৈ বাধ্য হৈছে।কেৱল আশ্ৰয় লোৱাই নহয়, পথৰ কাষতেই অস্থায়ী শিৱিৰ সাজি খাদ্য ৰন্ধা-বঢ়াও কৰিবলগীয়া হৈছে বহু পৰিয়ালে।
এটুপি বিশুদ্ধ খোৱা পানী আৰু এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানপীড়িত সকল।আনহাতে, গৰু, ছাগলী, হাঁহ-কুকুৰা আদি ঘৰচীয়া জীৱ-জন্তুও বানপানীৰ মাজত আৱদ্ধ হৈ আছে। পশুধনৰ বাবে খাদ্যৰ তীব্ৰ সংকটেও চিন্তাৰ কাৰণ হৈ পৰিছে।বানপীড়িত ৰাইজে চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে যাতে অতি শীঘ্ৰে খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱা পানী, প্ৰয়োজনীয় ঔষধ আৰু পশুধনৰ বাবে খাদ্যৰ যোগান ধৰি এই দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱা হয় । শীঘ্ৰে পৰ্যাপ্ত সাহায্য নাপালে বানপীড়িত লোকসকলৰ দুৰ্ভোগ আৰু অধিক বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় বাসিন্দা সকলে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু