এনএফএছএ হিতাধিকাৰীলৈ মচুৰ দাইল আৰু চেনি বিতৰণ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ
–সময়মতে বিতৰণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষক নির্দেশ গুৱাহাটী, ২২ জুলাই (হি.স.)। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি জনতা ভৱনৰ কাৰ্যালয় সভাকক্ষত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাষ্ট্ৰীয় খাদ্য স
এনএফএছএ হিতাধিকাৰীলৈ মচুৰ দাইল আৰু চেনি বিতৰণ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ৰ


–সময়মতে বিতৰণ সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষক নির্দেশ

গুৱাহাটী, ২২ জুলাই (হি.স.)। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি জনতা ভৱনৰ কাৰ্যালয় সভাকক্ষত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ)-ৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত মচুৰ দাইল আৰু চেনি বিতৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ প্ৰস্তুতি সম্পৰ্কত বিভাগীয় বিষয়া আৰু নাফেডৰ প্ৰতিনিধিসকলৰ পৰা বুজ লয়।

বৈঠকত মচুৰ দাইল আৰু চেনিৰ ক্ৰয়, যোগান আৰু বিতৰণ ব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত সামগ্ৰিক অগ্ৰগতিৰ বিশদ পর্যালোচনা কৰা হয়।

ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে সময়মতে এই খাদ্য সামগ্ৰীসমূহ লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী কৌশিক ৰায়ে

সামগ্ৰী যোগানকাৰী সংস্থা নাফেড আৰু বিভাগীয় বিষয়াসকলৰ মাজত অধিক সমন্বয় ৰক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি চলি সুসংহত যোগান ব্যৱস্থাৰে বিতৰণ প্ৰক্ৰিয়া অধিক কার্যক্ষম কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ। জনকল্যাণমূলক আঁচনিসমূহ যাতে স্বচ্ছতা, দক্ষতা আৰু সময়ানুবর্তিতাৰে ৰূপায়ণ হয় আৰু ইয়াৰ সুবিধা যাতে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰে, সেই লক্ষ্যৰে চৰকাৰে অবিৰতভাৱে কাম কৰি আছে।

বৈঠকত বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন ছামাল, সচিব অনুসূয়া দত্ত বৰুৱা, আয়ুক্ত হেমন্ত ভূঞাঁকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande