বানপীড়িত ৰেল খণ্ডসমূহত পুনৰুদ্ধাৰ কাম যুদ্ধকালীন তৎপৰতাৰে অব্যাহত
গুৱাহাটী, ২২ জুলাই (হি.স.)। উজনিমূৱা অঞ্চলসমূহত ধাৰাষাৰ বৰষুণৰ পৰিণামস্বৰূপে ডিখৌ নদীৰ উফন্দি উঠা পানীয়ে উত্তৰ- পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত শিমলুগুড়ী টাউন ষ্টেচন আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চলসমূহক প্লাবিত কৰিছে। এই বানপানীয়ে
বানপীড়িত ৰেল খণ্ডসমূহত পুনৰুদ্ধাৰ কাম যুদ্ধকালীন তৎপৰতাৰে অব্যাহত


গুৱাহাটী, ২২ জুলাই (হি.স.)। উজনিমূৱা অঞ্চলসমূহত ধাৰাষাৰ বৰষুণৰ পৰিণামস্বৰূপে ডিখৌ নদীৰ উফন্দি উঠা পানীয়ে উত্তৰ- পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত শিমলুগুড়ী টাউন ষ্টেচন আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ অঞ্চলসমূহক প্লাবিত কৰিছে। এই বানপানীয়ে শিমলুগুড়ী ষ্টেচন য়াৰ্ডৰ আৰু ৰেলৱে কলনীৰ কিছু অংশ ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও সংশ্লিষ্ট ক্ষতিগ্ৰস্ত খণ্ডসমূহত ৰেলৱে ট্ৰেকৰ উপৰেৰে পানী বাগৰি আছে।

এই প্ৰত্যাহ্বানমূলক পৰিস্থিতি স্বত্ত্বেও তিনিচুকীয়া মণ্ডলে স্বাভাৱিক ৰেল চলাচল পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে দিনে-নিশাই (২৪×৭) পুনৰুদ্ধাৰ আৰু নিৰীক্ষণ অভিযান আৰম্ভ কৰিছে। এই মণ্ডলৰ জ্যেষ্ঠ ৰেলৱে বিষয়াবৰ্গৰ নেতৃত্বত অভিযান্ত্ৰিক বিভাগৰ দলসমূহে যুদ্ধকালীন তৎপৰতাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি বানপানীৰ প্ৰভাৱ মোকাবিলা কৰাৰ লগতে ৰেল সেৱা শীঘ্ৰে পুনৰ স্বাভাৱিক কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বৰ্তমান চেলেংহাট–আমগুড়ী খণ্ডত যুদ্ধকালীন তৎপৰতাৰে পুনৰুদ্ধাৰ কাম পূৰ্ণগতিত চলি আছে। মেৰামতি আৰু পুনৰুদ্ধাৰ কাৰ্য ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰেলৱেৰ অভিযন্তা, পৰ্যবেক্ষক আৰু অন্যান্য কৰ্মচাৰীকে ধৰি মুঠ ২০০ জনতকৈয়ো অধিক কৰ্মীক নিয়োজিত কৰা হৈছে। এই দলসমূহে ৰেলপথ পুনৰুদ্ধাৰ, ৰেল আন্তঃগাঁথনি শক্তিশালীকৰণ আৰু ক্ষতিগ্ৰস্ত স্থানসমূহত অবিৰত পৰিদৰ্শন চলোৱাৰ লগতে ৰেল চলাচল সুৰক্ষিতভাৱে পুনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছে। ইয়াৰ উপৰিও, শিৱসাগৰ টাউন–শিমলুগুড়ী খণ্ডতো ব্যাপক পুনৰুদ্ধাৰ কাৰ্য সম্পন্ন কৰা হয়। প্ৰতিকূল বতৰৰ মাজতো ৰে'ল কৰ্মচাৰীসকলে পুনৰুদ্ধাৰ অভিযান অব্যাহত ৰাখি উল্লেখনীয় অগ্ৰগতি সাধন কৰিছে।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ বিষয়াসকলে পুনৰুদ্ধাৰ কাৰ্য সক্ৰিয়ভাৱে পৰ্যবেক্ষণ কৰি আছে। একে সময়তে, সংশ্লিষ্ট সকলো বিভাগে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ৰেলসেৱাত হোৱা যাত্ৰীসকলৰ অসুবিধা হ্ৰাস কৰি স্বাভাৱিক অৱস্থা শীঘ্ৰে ঘূৰাই অনাৰ লক্ষ্যৰে কাম কৰি আছে। যাত্ৰীৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে আৰু পুনৰুদ্ধাৰ কাৰ্য দক্ষতা, সুৰক্ষা আৰু সময়োপযোগিতাৰে সম্পন্ন কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে।

উত্তৰ-পূব সীমান্ত ৰেলৱে নিৰাপদ, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ৰেল সেৱা আগবঢ়োৱাৰ বাবে সদায়ে প্ৰতিশ্ৰুতিবদ্ধ। এই অভূতপূৰ্ব বান পৰিস্থিতিৰ সময়ত যাত্ৰীসকলৰ সহযোগিতাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande