এৰাবাৰীত পৰিণত ৩৪ লাখ ৫০ হাজাৰ ৩৮৩ টকা ব্যয় সাপেক্ষে নিৰ্মিত এখন চৰকাৰী নাৰ্চাৰী!
নগাঁও, ২২ জুলাই (হি.স.)। এৰাবাৰীত পৰিণত ৩৪ লাখ ৫০ হাজাৰ ৩৮৩ টকা ব্যয় সাপেক্ষে নিৰ্মিত এখন চৰকাৰী নাৰ্চাৰি! জনসাধাৰণৰ হাৰভঙা ধন আৰু টেক্সৰ পইচা কেনেকৈ পানীৰ দৰে উটুৱাই দিয়া হয়, তাৰ এক জলন্ত প্ৰমাণ এতিয়া দেখিবলৈ পোৱা গৈছে ৰহা উন্নয়ন খণ্ডৰ চৌহদত। ২০২১
এৰাবাৰীত পৰিণত ৩৪ লাখ ৫০ হাজাৰ ৩৮৩ টকা ব্যয় সাপেক্ষে নিৰ্মিত এখন চৰকাৰী নাৰ্চাৰী!


নগাঁও, ২২ জুলাই (হি.স.)। এৰাবাৰীত পৰিণত ৩৪ লাখ ৫০ হাজাৰ ৩৮৩ টকা ব্যয় সাপেক্ষে নিৰ্মিত এখন চৰকাৰী নাৰ্চাৰি! জনসাধাৰণৰ হাৰভঙা ধন আৰু টেক্সৰ পইচা কেনেকৈ পানীৰ দৰে উটুৱাই দিয়া হয়, তাৰ এক জলন্ত প্ৰমাণ এতিয়া দেখিবলৈ পোৱা গৈছে ৰহা উন্নয়ন খণ্ডৰ চৌহদত। ২০২১-২২ বৰ্ষৰ এম জি এন আৰ ই জি এ আঁচনিৰ অধীনত ৰহা উন্নয়ন খণ্ডৰ ঠিক সমুখতে দিঘলীআতি পঞ্চায়তে নিৰ্মাণ কৰিছিল এই নাৰ্চাৰিখন।

কেইবা লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কোটিটকীয়া চৰকাৰী নাৰ্চাৰিখন বৰ্তমান পৰিণত হৈছে এখন মৰিশালী সদৃশ এৰাবাৰীত।নাৰ্চাৰিত এতিয়া গছপুলিৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে কঁকালতকৈ ওখ ওখ বন আৰু হাবি-জংঘল। চৰকাৰী ধনৰ এনে চৰম অপচয় আৰু লুণ্ঠন প্ৰত্যক্ষ কৰি এতিয়া খৰ্গহস্ত হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। আঁচনি নিৰ্মাণ কৰিছে থিকেই, কিন্তু কাৰ্যকৰী কৰিব নোৱাৰাৰ ফলত সম্পূৰ্ণ অপচয় হ’ল চৰকাৰী ধন। কেৱল কমিচনৰ অংকত আঁচনি ৰূপায়ণ কৰি জনসাধাৰণৰ চকুৱেদি ধূলি মৰা হৈছে নেকি বুলি এতিয়া উঠিছে গুৰুতৰ প্ৰশ্ন! কিহৰ বাবে ধ্বংস হৈ গ’ল কেইবা লক্ষাধিক টকাৰে নিৰ্মিত এই নাৰ্চাৰি?আটাইতকৈ আচৰিত কথাটো হ’ল— এই আঁচনি কোনো দুৰ্গম অঞ্চলত নাই, আছে খোদ উন্নয়ন খণ্ডৰ চৌহদৰ ভিতৰতে! নিজৰ নাকৰ তলতে এখন আঁচনি এনেদৰে ধ্বংস হৈ যোৱাৰ পিছতেও কিয় উপেক্ষিত হৈ ৰ’ল এই আচঁনি? কিয় এইদৰে অপচয় হ'বলৈ এৰি দিলে চৰকাৰী ধন?

নিজৰ চকুৰ সমুখতে লাখ লাখ টকা মাটিত পুতি থোৱাৰ পিছতেও কুম্ভকৰ্ণ নিদ্ৰাত আছে নেকি খণ্ড উন্নয়ন বিষয়া?নে কেৱল ভোটৰ অংকতে ব্যস্ত ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস? নিৰ্বাচন জিকাৰ পিছত বিধায়কগৰাকীয়ে এবাৰো সময় পালে নে খোদ ৰহা উন্নয়ন খণ্ডৰ ভিতৰলৈ সোমাই এই ৩৪ লাখ টকীয়া আঁচনিখনৰ বুজ ল’বলৈ? চকু মুদা কুলিৰ ভাও ধৰি অন্ধ ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে নেকি স্থানীয় জনপ্ৰতিনিধি তথা বিধায়ক শশী কান্ত দাসে? বিধায়কৰ নাকৰ তলতে হোৱা ৩৪ লাখ ৫০ হাজাৰ ৩৮৩ টকাৰ এই বৃহৎ কেলেংকাৰীৰ উচিত তদন্ত হ’বনে? নে এইদৰেই অপচয় হ'ব চৰকাৰী ধনৰ? ইয়াৰ জবাবদিহি এতিয়া কোনে কৰিব?

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande